ধুবুৰী, 29 নৱেম্বৰ:সমগ্ৰ ৰাজ্যজুৰি চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ ধুবুৰীত চোৰাং ইউৰিয়া সাৰ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে (Urea fertilizer seized in Dhubri)৷ ধুবুৰীত দীৰ্ঘ দিনে ইউৰীয়া সাৰৰ চোৰাং সৰবৰাহ অব্যাহত আছে (Urea fertilizer seized)৷ পশ্চিম বংগ, উত্তৰ প্ৰদেশৰ পৰা প্ৰতিদিনে অসমলৈ সৰবৰাহ হয় ট্ৰাকে ট্ৰাকে অবৈধ ইউৰীয়া সাৰ ৷
অসম-বংগ সীমান্তৰে ধুবুৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্ত লৈ অবৈধভাৱে বহিঃৰাজ্যৰ ইউৰিয়া সাৰ সৰবৰাহ হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ তেনে সময়তে আজি ধুবুৰী আৰক্ষীয়ে ধুবুৰীৰ পঞ্চঘাটত উপস্থিত হৈ এখন যন্ত্ৰ চালিত মালবাহী নাওসহ ষাঠি বস্তা চোৰাং সাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
এইক্ষেত্ৰত বিশেষ সূত্ৰই সদৰী কৰা মতে, ধুবুৰীৰ ভোগদহৰ অঞ্চলৰ এজন চোৰাং বেপাৰী আৰু ধুবুৰী চহৰৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ইউৰিয়া সাৰৰ এনে চোৰাং কাৰবাৰ কৰি আহিছে । এইক্ষেত্ৰত জিলা কৃষি বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সেউজ সংকেত থকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।