অসম

assam

ETV Bharat / state

ব্যতিক্ৰমী প্ৰয়াসেৰে দৃষ্টি আকৰ্ষণ কৰিছে আস্থাই - ধুবুৰী ৰাজহ চক্ৰ বিষয়া মৃগাক্ষী দাস

আস্থা নামৰ এক ব্যতিক্ৰমী গোটে ধুবুৰীত এজাক দৰিদ্ৰ শিশুৰ সৈতে আদৰণি জনালে নৱবৰ্ষক। আস্থাৰ এই প্ৰচেষ্টাত শলাগ লৈছে সকলোৱে ৷

Unique work done by Aastha
ব্যতিক্ৰমী প্ৰয়াসেৰে দৃষ্টি আকৰ্ষণ কৰিছে আস্থাই

By

Published : Jan 5, 2020, 10:39 PM IST

ধুবুৰী, 5 জানুৱাৰীঃ অন্যতকৈ কিছু ব্যতিক্ৰমী প্ৰচেষ্টাৰে নৱবৰ্ষক আদৰিলে আস্থাই ৷ আস্থা নামৰ এক ব্যতিক্ৰমী গোটে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ আস্থাই ধুবুৰীত এজাক দৰিদ্ৰ শিশুৰ সৈতে আদৰণি জনালে নৱবৰ্ষক। ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যানত শতাধিক শিশুৰ সৈতে দিনজোৰা কাৰ্যসূচীৰে নৱবৰ্ষক আদৰিলে আস্থা নামৰ এক ব্যতিক্ৰমী গোটে ৷ প্ৰায় পাঁচ মাহমান পূৰ্বে ধুবুৰীত জন্ম হোৱা আস্থা নামৰ গোটৰ উদ্দেশ্য হৈছে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ সন্তানক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়া আৰু সহায় সহযোগিতা কৰা ৷

ব্যতিক্ৰমী প্ৰয়াসেৰে দৃষ্টি আকৰ্ষণ কৰিছে আস্থাই

সেই উদ্দেশ্যেই যোৱাবৰ্ষত ধুবুৰী চহৰৰ মুঠ 185 গৰাকী দৰিদ্ৰ শিশু ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনীয় বহী, কলম আৰু ব্যক্তিগত টিউচন মাছুল দি সহায় কৰাৰ পিছত এইবেলিও এহেজাৰ তেনে শিশু ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ সংকল্প লৈছে আস্থা নামৰ গোটটোৱে ৷ এই উদ্দেশ্যে দেওবাৰে নৱবৰ্ষ উপলক্ষে ধুবুৰী চহৰৰ মুঠ 110 গৰাকী দৰিদ্ৰ শিশু ছাত্ৰ-ছাত্ৰীক লৈ এক বনভোজৰ আয়োজন কৰিছে ৷ দিনজোৰা কাৰ্যসূচী অনুসৰি পুৱা লঘু আহাৰ দিয়াৰ পিচতেই বিভিন্ন খেল-ধেমালিৰ আয়োজন কৰি শেষত প্ৰীতি ভোজৰ আয়োজন কৰে ৷ ইয়াৰ পিছতেই দৰিদ্ৰ শিশু ছাত্ৰ-ছাত্ৰীৰ মাজত পাঁচটাকৈ বহী বিতৰণ কৰে আস্থা গোটে ৷ আস্থা গোটৰ আটাইকেইজন নৱপ্ৰজন্মৰ সদস্যৰ ব্যতিক্ৰমী চিন্তাৰে শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ প্ৰচেষ্টাক অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় বটাঁপ্ৰাপ্ত শিক্ষক তথা সদৌ দেশী সাহিত্য সভাৰ সভাপতি আবুল হুছেইন শেখ আৰু ধুবুৰী ৰাজহ চক্ৰ বিষয়া মৃগাক্ষী দাসকে ধৰি শলাগ লৈছে সকলোৱে ৷ উল্লেখযোগ্য যে, সম্প্ৰতি আস্থাই ধুবুৰী চহৰত প্ৰতিষ্ঠা লাভ কৰিছে যদিও পৰৱৰ্তী সময়ত সকলো জিলা তথা ৰাজ্যিক পৰ্যায়লৈকে আস্থাই প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

আৰু পঢ়কঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গুজৰিত অসম

ABOUT THE AUTHOR

...view details