ধুবুৰী, 30 মাৰ্চ : "কংগ্ৰেছৰ দিনত পেঞ্চন আৰু ৰেচন কাৰ্ডৰ নামত লুন্ঠনৰাজ চলোৱা হৈছিল ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত ৰাইজে প্ৰকৃত উন্নয়নৰ অনুভৱ কৰিছে ৷" এই মন্তব্যৰে মঙলবাৰে ধুবুৰীৰ গৌৰীপুৰ সমষ্টিত উপস্থিত হৈ তৃতীয় পৰ্যায় নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৷
হেলিকপ্টাৰৰ যোগে দুপৰীয়াৰ ভাগত গৌৰীপুৰত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । এই উপলক্ষে আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণত এআইইউডিএফ আৰু কংগ্রেছক তীব্র সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে ।