ধুবুৰী, 6 অক্টোবৰঃ ধুবুৰীৰ ভাৰত বাংলা সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ এই অভিযানত ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷
ভাৰত বাংলা সীমান্তত ড্ৰাগছ বিৰোধী অভিযানঃ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী - Drugs seized By Police At Dhubri
ধুবুৰীৰ ভাৰত বাংলা সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানত দুজন ড্ৰাগছ সৰহবৰাহকাৰী পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় টেবলেট আৰু কফ চিৰাফ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
দীৰ্ঘ দিনৰে পৰা ভাৰত বাংলা সীমান্তৰ ধুবুৰী দক্ষিণ শালমাৰা আৰু মানকাচাৰ জিলাত ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে । সেই অভিযোগৰ ভিত্তিতে মানকাচাৰ সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যৌথ অভিযান চলায় । অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰা 2000 টা নিচাজাতীয় YABA টেবলেট আৰু বৃহৎ পৰিমাণৰ কফ চিৰাফ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । লগতে এখন AS-01DJ- 3426 নম্বৰৰ এখন মটৰ ছাইকেলো জব্দ কৰে আৰক্ষীয়ে ।
আৰক্ষীয়ে আটক কৰা ধৃত যুৱক দুজন মানকাচাৰ কলেজ নগৰৰ দুধু মিঞা (30) আৰু ঠাকুৰাণবাৰীৰ ইকতেবাৰ ৰহমান (27)। অধিক তথ্যৰ বাবে ধৃত যুৱকদ্বয়ক মানকাচাৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে মানকাচাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আন এটা অভিযান চলাই কিছু পৰিমাণৰ ড্ৰাগছ জাতীয় কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়।