ধুবুৰী, ১২ অক্টোবৰঃ ধুবুৰীৰ গোলকগঞ্জত বিৰল প্ৰজাতিৰ বন ৰৌ সহ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। মেঘালয়ৰ পৰা দুজন যুৱকে পশ্চিম বংগলৈ বিক্ৰীৰ বাবে নিয়াৰ সময়তে আৰক্ষীয়ে আটক কৰে লোক দুজনক।
গোলকগঞ্জত বিৰল প্ৰজাতিৰ বন ৰৌ সহ দুজনক গ্ৰেপ্তাৰ - বন ৰৌ
ধুবুৰীৰ গোলকগঞ্জ আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এটা বিৰল প্ৰজাতিৰ বন ৰৌ সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃতলোক দুজনৰ নাম মানকাচৰৰ ধৃত মইনুল হক আৰু জিয়াৰুল ইছলাম ।
![গোলকগঞ্জত বিৰল প্ৰজাতিৰ বন ৰৌ সহ দুজনক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4731107-thumbnail-3x2-dhubri.jpg)
বন্য প্ৰাণীৰ চোৰাং ব্য়ৱসায় এতিয়াও অব্যাহত আছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত। অসম, মেঘালয় আৰু পশ্চিম বংগৰ এটা বৃহৎ দুষ্ট চক্ৰই দীর্ঘ দিনৰ পৰা চলাই গৈছে বন্য প্ৰাণীৰ চোৰাং ব্যৱসায় । ধুবুৰীৰ গোলকগঞ্জ আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এটা বিৰল প্ৰজাতিৰ বন ৰৌ সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উল্লেখ কৰা মতে, এখন মটৰ চাইকেলত তিনিজন যুৱক গৈ থকা অৱস্থাত ইয়াৰে দুজনক আটক কৰিবলৈ সক্ষম হয় যদিও আন এজন পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃতলোক দুজৰ মানকাচৰৰ মইনুল হক আৰু জিয়াৰুল ইছলাম । প্ৰায় দহ কিলোগ্ৰাম ওজনৰ এই বিৰল প্ৰজাতিৰ বনৰৌটো কোকৰাঝাৰৰ চক্ৰশীলা বনাঞ্চলত এৰি দিয়া হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে । ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰি ধুবুৰী বন বিভাগক চমজাই দিয়ে গোলকগঞ্জ আৰক্ষীয়ে ।