অসম

assam

ETV Bharat / state

COVID-19 ত আক্ৰান্ত ধুবুৰী জিলা যোগান বিভাগৰ দুগৰাকী পৰিদৰ্শক

ধুবুৰী জিলাৰ দুগৰাকীকৈ যোগান বিভাগৰ পৰিদৰ্শকৰ দেহত COVID-19 ৰ অৱস্থিতি পোৱাৰ পাচতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উপায়ুক্তৰ কাৰ্যালয়ত ৷

COVID-19 ত আক্ৰান্ত
COVID-19 ত আক্ৰান্ত

By

Published : Aug 7, 2020, 10:51 PM IST

ধুবুৰী, 7 আগষ্ট:ধুবুৰীত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণাৰ সংক্ৰমণে ৷ জিলা খনৰ যোগান বিভাগৰ দুই পৰিদৰ্শকৰ দেহত COVID-19 ৰ অৱস্থিতি পোৱাৰ পাচতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উপায়ুক্তৰ কাৰ্যালয়ত ৷ কিয়নো জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ওপৰ মহলতে অৱস্থিত যোগান বিভাগৰ কাৰ্যালয়টো ৷ নৱ কুমাৰ ডেকা আৰু মৃগেন দাস নামৰ দুয়োগৰাকী পৰিদৰ্শকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে ধুবুৰী যোগান বিভাগত ৪ গৰাকী পৰিদৰ্শক, 5 গৰাকী উপ-পৰিদৰ্শককে মুঠ ১৬ গৰাকী বিষয়া-কৰ্মচাৰী আছে ৷ শনিবাৰৰ পৰা বিভাগটোত কৰ্মৰত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ লগতে, ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলক ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে উপায়ুক্তই ৷ বিভাগটোৰ উপ-সঞ্চালক বিপিন চক্ৰৱৰ্তীয়ে শুকুৰবাৰে এক টেলিফোনিক বাৰ্তালাপত জানিবলৈ দিয়ে এই কথা ৷

COVID-19 ত আক্ৰান্ত ধুবুৰী জিলা যোগান বিভাগৰ দুগৰাকী পৰিদৰ্শক

ইয়াৰোপৰি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া বা কৰ্মচাৰীসকলৰ কোনো জৰুৰী কাম নহ'লে ৪৮ ঘন্টাৰ বাবে কাৰ্যালয়ৰ কাম-কাজ বন্ধ কৰি ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ আনহাতে উপায়ুক্তৰ কাৰ্যালয়টো সম্পূৰ্ণ চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰাৰ লগতে, ধুবুৰী যোগান বিভাগৰ কাৰ্যালয় ৭ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক:জোনাইৰ বন্যাৰ্তলৈ সহায়ৰ হাত নৰ্ডষ্টাৰ্ণ সংস্থাৰ

ABOUT THE AUTHOR

...view details