অসম

assam

ETV Bharat / state

মহাবাহুৰ পাৰত মিলন ঘটিল বিশ্ব বিখ্যাত দুই সংগীত শিল্পীৰ.. - MUSIC DIRECTOR

ধুবুৰীৰ মহাবহু ব্ৰহ্মপুত্ৰৰ পাৰত বিশ্ব বিখ্যাত দুই সংগীত শিল্পীৰ মিলন । ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু সুৰকাৰ তথা বিশিষ্ট সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনৰ ঘটিল মহামিলন । একপ্ৰকাৰ ধুবুৰীৰ ঐতিহাসিক নেতাই ধুবুনী ঘাট সাক্ষী হ'ল দুই মহান সংগীত শিল্পীৰ মহা মিলনৰ ।

ধুবুৰীৰ মহাবাহুৰ পাৰত মিলন ঘটিল বিশ্ব বিখ্যাত দুই সংগীত শিল্পীৰ..

By

Published : Jun 27, 2019, 10:01 PM IST

ধুবুৰী,27জুনঃ প্ৰয়াত সংগীত পৰিচালক আৰ ডি বর্মনৰ বৃহস্পতিবাৰে আশী সংখ্যক ওপজা দিন। এই ওপজা দিনৰ লগত সংগতি ৰাখি ধুবুৰী আৰ ডি বৰ্মণ ফেন্স ক্লাৱে নিজা প্ৰচেষ্টাত স্থাপন কৰে আৰ ডি বর্মনৰ এক আৱক্ষ প্ৰতিমূৰ্তি । পশ্চিম বংগৰ বিশিষ্ট মহিলা ভাস্কৰ্য শিল্পী জয়শ্ৰী বিশ্বাসে নিৰ্মাণ কৰা আৰ ডি বর্মনৰ এই আৱক্ষ প্ৰতিমূৰ্তি বৃহস্পতিবাৰে শুভ উন্মোচন কৰে অসমৰ সংগীত শিল্পী জে পি দাস আৰু পুলক বেনাৰ্জীয়ে। আনহাতে ২০১৪ চনতে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা হৈছিল ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তি। মুঠৰ ওপৰত বৃহস্পতিবাৰে নেতাই ধুবুনী ঘাট আৰু মহাবহু ব্ৰহ্মপুত্ৰক সাক্ষী কৰি দুয়োগৰাকী মহান শিল্পীৰ যেন মহামিলন ঘটিল ধুবুৰীত । আৰ ডি বর্মনৰ অৱক্ষ মূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰি এই কথা প্ৰকাশ কৰে সংগীত শিল্পী জে পি দাস আৰু পুলক বেনাৰ্জীয়ে।

ধুবুৰীৰ মহাবাহুৰ পাৰত মিলন ঘটিল বিশ্ব বিখ্যাত দুই সংগীত শিল্পীৰ..

ইপিনে অসমৰ ভিতৰত প্ৰথম ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰ ডি বর্মনৰ আৱক্ষ প্ৰতিমূৰ্তি স্থাপন কৰাত গৌৰৱান্বিত ধুবুৰীবাসী ।

ABOUT THE AUTHOR

...view details