বিলাসীপাৰা, ২৭ জুলাই :অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সন্ধানহীন হৈছিল অসমৰ ১৯ শ্ৰমিক (19 workers missing on Indo China border) । নামনি অসমৰ চাৰি জিলাৰ ১৯ গৰাকী শ্ৰমিক সন্ধানহীন হৈ পৰিছিল ভাৰত-চীন সীমান্তৰ ঘন অৰণ্যত । তাৰে মাজত সন্ধানহীন হৈছিল বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ মালগাঁও বগুলাউৰাৰ গাঁৱৰ ৭ গৰাকীকৈ শ্ৰমিক ।
ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ কেইবাদিনজোৰা উদ্ধাৰ অভিযানত উদ্ধাৰ হৈছে ১৯ শ্ৰমিকৰ ভিতৰত ১০ গৰাকী শ্ৰমিক (Indian Air Force rescue 10 missing workers) । মৃত্যু হৈছে কেইবাজনৰো । আজি বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ মালগাঁও বগুলাউৰাৰ গাঁৱৰ ৭ গৰাকী শ্ৰমিকৰ ভিতৰত দুজন শ্ৰমিকক সংকটজনক অবস্থাত লৈ অনা হয় মালগাঁও বগুলাউৰাৰ নিজ বাসগৃহলৈ (two missing workers reached home in critical condition)।
অৰুণাচলৰ পৰা সন্ধানহীন কোকৰাঝাৰৰ ২ শ্ৰমিক সংকটজনক অৱস্থাত নিজগৃহত উপস্থিত শ্ৰমিক দুজন ঘৰত উপস্থিত হোৱাৰ পিছতেই পোহৰলৈ আহিছে ভয়ঙ্কৰ তথ্য । অভয়াপুৰীৰ ঠিকাদাৰ ৰেজাউল কৰিমে শ্ৰমিককেইজনক অৰুণাচলত কামৰ কথা কৈ লৈ গৈ ভাৰত-চীন সীমান্তৰ BROৰ (Boarder Roads Organisation) পথ নিৰ্মাণ সংস্থাৰ হাতত ২০ লাখ টকাত বিক্ৰী কৰি অৰুণাচলৰ পৰা পলায়ন কৰে (workers sold by Rejaul Karim to BRO contractor) । এমাহ কাম কৰাৰ পিছত ঈদত ঘৰলৈ আহিব বিচৰাত শ্ৰমিকসকলে গম পায় এই কথা ।
ঈদত ছুটি আৰু টকা বিচৰাত শ্ৰমিকসকলক মৃত্যুৰ ভাবুকি দিছিল পথ নিৰ্মাণ সংস্থাৰ কৰ্মকৰ্তাই । পিছত নিৰুপায় হৈ নিশাৰ ভাগত দুটা দলত বিভক্ত হৈ পলায়ন কৰে শ্ৰমিকসকলে । তাৰ পিছতেই ভাৰত-চীন সীমান্তৰ ঘন অৰণ্যত সন্ধানহীন হৈ পৰে শ্ৰমিকসকল । ইতিমধ্যে বিগত দুই মাহত ঘন অৰণ্যৰ মাজত প্ৰাকৃতিক দুৰ্যোগ আৰু অনাহাৰে দিন কটাই কেইবাজনো শ্ৰমিকে মৃত্যুবৰণ কৰিছে ।
বতৰ বেয়া হোৱাৰ বাবে উক্ত মৃতদেহকেইটা বৰ্তমানলৈ উদ্ধাৰ কৰিব পৰা নাই ভাৰতীয় বায়ুসেনাই । কোকৰাঝাৰ জিলাৰ মালগাঁও বগুলাউৰা গাঁৱৰ ৭ গৰাকী শ্ৰমিকৰ ভিতৰত ৪ জনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছে । জীৱন্তে উদ্ধাৰ হৈছে মনোৱাৰ হুছাইন, মাজিদুল আলী, চমিজুল শ্বেখ আৰু কলিমুদ্দিন । ঘৰ আহি পাইছে মনোৱাৰ হুছাইন আৰু মাজিদুল আলী । অৰুণাচলত চিকিৎসাধীন হৈ আছে চমিজুল শ্বেখ আৰু কলিমুদ্দিন শ্বেখ ।
আনহাতে, মৃত্য হৈছে আবুল হুছাইন, আয়নুল হক আৰু ফৰিজুল হকৰ । সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে মানৱ সৰবৰাহকাৰী অভয়াপুৰীৰ ভণ্ড ঠিকাদাৰ ৰেজাউল কৰিমক গ্ৰেপ্তাৰৰ দাবী জনাইছে (Garia Moria Desi Jatiya Parishad demand financial assistance) । লগতে মৃত্যু হোৱা শ্ৰমিককেইজনৰ পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে (Demand Assam Government to financial assistance to victims) ।