ধুবুৰী, 17 মাৰ্চ : ৰাজ্যৰ নিৰ্বাচন আয়োগৰ চকুত ধূলি দি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এগৰাকী জনপ্ৰতিনিধি অৱশেষত নিজৰ পদবীৰ পৰা খাৰিজ হ'ল ধুবুৰী জিলাৰ চাপৰত ৷ জিলাখনৰ চাপৰ-শালকোচা আঞ্চলিক পঞ্চায়তৰ 132 নং ৰঙামাটি গাঁও পঞ্চায়তৰ এইগৰাকী আঞ্চলিক পঞ্চায়ত সদস্যৰ নাম জয়নাল আবেদীন ৷ প্ৰতিনিধি গৰাকীৰ দুগৰাকী পত্নীৰ মুঠ সন্তানৰ সংখ্যা হৈছে আঠজন ৷ জয়নাল আবেদীনে ভূৱা শপতনামাৰে কংগ্ৰেছ দলৰ হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷
চৰকাৰৰ 'দুই সন্তান নীতি'ক ভেঙুচালী জনপ্ৰতিনিধিৰ
দুই সন্তান নীতিক উলংঘা কৰি শলঠেকত পৰিল জন প্ৰতিনিধি ৷ এই ঘটনা ধুবুৰীৰ চাপৰত ৷
ৰঙামাটি গাঁও পঞ্চায়ত
পাচৰ পৰ্যায়ত জয়নাল আবেদীনে নিৰ্বাচনত জয়লাভ কৰিলেও স্থানীয় একাংশ ৰাইজে দুই সন্তান নীতিৰ আধাৰত আঞ্চলিক পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ধুবুৰী জিলা উপায়ুক্তক লিখিত অভিযোগ প্ৰদান কৰে ৷ সমগ্ৰ বিষয়টো তদন্ত কৰি বিলাসীপাৰা মহকুমাধিপতিয়ে জয়নাল আবেদীনক আঞ্চলিক পঞ্চায়ত সদস্য পদৰ পৰা অপসাৰণ কৰে ৷
আৰু পঢ়ক : ৰাজ্যসভাৰ সদস্য পদ : শপত গ্ৰহণৰ পাচতহে জনাব ন্যায়াধীশ ৰঞ্জন গগৈয়ে !