একেদিনাই দুটাকৈ বনৰৌ উদ্ধাৰ ধুবুৰীত - আমিনুৰ ৰহমান
একেদিনাই দুটাকৈ বনৰৌ উদ্ধাৰ ধুবুৰী আৰক্ষীৰ ৷ এতিয়া ধুবুৰীত বনৰৌক লৈ বেহা চলাৰ অভিযোগ উত্থাপিত হৈছে ৷
ধুবুৰী, 18 অক্টোবৰঃ একেদিনাই দুটাকৈ বনৰৌ উদ্ধাৰ ধুবুৰী আৰক্ষীৰ ৷ অসম বংগ সীমান্তৰ ছোটোগুাৰ পৰা প্ৰায় দহ কিলগ্ৰাম ওজনৰ বনৰৌ উদ্ধাৰ কৰাৰ পিছতে বিয়লি ধুবুৰী আৰক্ষীয়ে এটা NGO ৰ সহায়ত আগমনীৰ পাৱৰছৰাৰ পৰা উদ্ধাৰ কৰিলে প্ৰায় আঠ কিলোগ্ৰাম ওজনৰ আনটো বনৰৌ ৷ পাৱৰছৰাৰ আমিনুৰ ৰহমানৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে এই বনৰৌটো ৷ আনহাতে ছোটোগুমাত মনিম আহমেদৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছিল আনটো বনৰৌ ৷ আৰক্ষীৰ খৱৰ অনুসৰি নিশা পাৱৰছৰাত দৰদাম চলিছিল বনৰৌটোৰ ৷ গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে উদ্ধাৰ কৰে বনৰৌটো ৷ উল্লেখ্য যে এসপ্তাহ পূৰ্বে গোলকগঞ্জ আৰক্ষীয়েও উদ্ধাৰ কৰিছিল আন এটা বনৰৌ ৷ এতিয়া ধুবুৰীত বনৰৌক লৈ বেহা চলাৰ উত্থাপিত হৈছে প্ৰশ্ন ৷ এই পৰ্যন্ত আৰক্ষীয়ে ইয়াৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷