অসম

assam

ETV Bharat / state

দুটাকৈ শোকাৱহ দুৰ্ঘটনাত নিহত শিশু সহ মহিলা

সোমবাৰে পুৱাই বিলাসীপাৰাৰ দুটাকৈ ভিন্ন স্থানত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা ৷ তীব্ৰ বেগী আল্ট্ৰা বাছৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে গৌৰাং নৈত সলিল সমাধি ঘটি মৃত্যু ঘটে এটি 6 বছৰীয়া শিশুৰ ৷

By

Published : Aug 10, 2020, 3:29 PM IST

শোকাৱহ দুৰ্ঘটনা
শোকাৱহ দুৰ্ঘটনা

বিলাসীপাৰা, 10 আগষ্ট:ধুবুৰী জিলাৰ বিলাসীপাৰাত সোমবাৰে দুটাকৈ শোকাৱহ ঘটনা সংঘটিত হয় ৷ আল্ট্ৰা বাছৰ খুন্দাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে গৌৰাং নৈত সলিল সমাধি ঘটে এটি কণমানিৰ ৷ দুয়োটা ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে বিলাসীপাৰাত ৷

বিলাসীপাৰাত সংঘটিত দুটাকৈ শোকাৱহ দুৰ্ঘটনা

আল্ট্ৰা বাছৰ খুন্দাত নিহত হোৱা মহিলা গৰাকী বিলাসীপাৰা চহৰৰ ৪ নং ৱাৰ্ডৰ নিবাসী বিমল সাহাৰ পত্নী অমিয়া বালা সাহা (৫৯) বুলি জানিব পৰা গৈছে ৷ AS-01 LC -4046 নম্বৰৰ তীব্ৰ বেগী আল্ট্ৰা বাছখনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় অমিয়া বালা সাহা নামৰ মহিলা গৰাকী ৷

আনহাতে ছুৱাপাতা চতুৰ্থ খণ্ড গাঁৱৰ নিবাসী জহিৰ আলী নামৰ লোকগৰাকীৰ ৬ বছৰীয়া পুত্ৰ আয়ুৱ আলীৰ গৌৰাং নৈৰ পাৰত খেলি থকা সময়তে গৌৰাং নৈৰ সোঁতত উটি যায় শিশুটি ৷ গৌৰাং নৈৰ প্ৰৱল সোঁতত উটি গৈ সলিল সমাধি ঘটে আয়ুৱ আলী নামৰ 6 বছৰীয়া শিশুটিৰ ৷ পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীয়ে দুয়োগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷

লগতে পঢ়ক:ভূৰৰ পৰা পৰি সলিল সমাধি দুই যুৱকৰ

ABOUT THE AUTHOR

...view details