অসম

assam

By

Published : Nov 17, 2020, 10:01 PM IST

ETV Bharat / state

বিলাসীপাৰাত বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়লৈ শ্ৰদ্ধাঞ্জলি

বিলাসীপাৰাত বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷ বিশ্ব হিন্দু পৰিষদ,বজৰংগ দল আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিলাসীপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ সেনা জোৱান গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

AS_BLP_Martyr_Hardhan_Chandra_Roy_img_ASC10004
বিলাসীপাৰাত বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়লৈ শ্ৰদ্ধাঞ্জলি

বিলাসীপাৰা,17 নৱেম্বৰ: দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়লৈ বিলাসীপাৰাত শ্ৰদ্ধাঞ্জলি | জম্মু-কাশ্মীৰৰ উৰি ছেক্টৰত কৰ্তব্যৰত অৱস্থাতে পাকিস্তানী সেনাৰ হাতত প্ৰাণ হেৰুওৱা শ্বহীদ সেনা জোৱান হৰধন চন্দ্ৰ ৰায়ক মঙলবাৰে সন্ধিয়া বিলাসীপাৰা চহৰৰ গান্ধী চকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে | বিশ্ব হিন্দু পৰিষদ,বজৰংগ দল আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিলাসীপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত শ্বহীদ সেনা জোৱান গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

বিলাসীপাৰাত বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়লৈ শ্ৰদ্ধাঞ্জলি

শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত উপস্থিত থকা ৰাইজে অশ্ৰুসিক্ত নয়নেৰে বীৰ শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ভাৰত মাতা কি জয়,শ্বহীদ তুমি অমৰ হোৱা আদি শ্ল'গান দি পাকিস্তানী সেনাক সমালোচনা কৰে ৷

লগতে পঢ়ক:মহানগৰীৰ ১৪ খন পূজাস্থলীত হ’ব ষট পূজা

ABOUT THE AUTHOR

...view details