অসম

assam

ETV Bharat / state

পঞ্চভূতত বিলীন হৰধন ৰায়ৰ নশ্বৰদেহ - পঞ্চভূতত বিলীন হৰধন ৰায়ৰ নশ্বৰদেহ

শ্বহীদ হৰধন ৰায়ক ৰাষ্ট্ৰীয় মৰ্যদা প্ৰদানৰ অন্তত সম্পন্ন কৰা হয় শেষকৃত্য ৷ ফুটকীবাৰীৰ সহস্ৰ জনতাই অশ্ৰুসিক্ত নয়নেৰে বিদাই দিয়ে বীৰ জোৱানগৰাকীক ৷ লোকচক্ষুৰ সমুখতে পঞ্চভূতত বিলীন হৈ যায় অসম সন্তানগৰাকী ৷

পঞ্চভূতত বিলীন হৰধন ৰায়ৰ নশ্বৰদেহ
পঞ্চভূতত বিলীন হৰধন ৰায়ৰ নশ্বৰদেহ

By

Published : Nov 16, 2020, 11:00 PM IST

বিলাসীপাৰা,16 নৱেম্বৰ:শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ উৰিত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱায় হৰধন চন্দ্ৰ ৰায়ে ৷ দেওবাৰে মাতৃভূমিত উপস্থিত হয় শ্বহীদগৰাকীৰ নশ্বৰদেহ ৷ বায়ুসেনাৰ বিশেষ বিমানযোগে অনা শ্বহীদগৰাকীৰ নশ্বৰদেহ নিয়া হয় আজাৰাস্থিত বায়ু সেনাৰ ঘাটিলৈ ৷ শেষ শ্ৰদ্ধা জনোৱাৰ অন্তত শ্বহীদগৰাকীৰ নশ্বৰদেহ লৈ যোৱা হয় ফুটকীবাৰীৰ বাসগৃহ অভিমুখে ৷ নশ্বৰদেহ বাসগৃহত উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় এক শোকাকূল পৰিস্থিতি ৷ ফুটকীবাৰীৰ গৌৰাং নৈৰ পাৰত সমবেত সহস্ৰাধিক শোকাকূল জনতাৰ লগতে দল-সংগঠন, ৰাজনৈতিক নেতাসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে শ্বহীদগৰাকীক ৷

পঞ্চভূতত বিলীন হৰধন ৰায়ৰ নশ্বৰদেহ

শ্বহীদ হৰধন ৰায়ক ৰাষ্ট্ৰীয় মৰ্যদা প্ৰদানৰ অন্তত সম্পন্ন কৰা হয় শেষকৃত্য ৷ ফুটকীবাৰীৰ সহস্ৰ জনতাই অশ্ৰুসিক্ত নয়নেৰে বিদাই দিয়ে বীৰ জোৱানগৰাকীক ৷ লোকচক্ষুৰ সমুখতে পঞ্চভূতত বিলীন হৈ যায় অসম সন্তানগৰাকী ৷ বিগত 12 নৱেম্বৰত পাকিস্তানৰ দ্বাৰা বৰ্বৰোচিত ভাৱে কৰা হোৱা যুদ্ধবিৰতি উলংঘণত শ্বহীদ হয় স্থলসেনাৰ 59 ফিল্ড আৰ্টি ৰেজিমেন্টৰ হাবিলদাৰ ৰয় ৷ ৰয়ৰ সৈতে আন 3 তিনিগৰাকী বীৰ জোৱানেও দেশৰ বাবে সৰ্বোচ্ছ বলিদান দিয়ে ৷ নায়ক চাতাই ভূষণ ৰামেশৰাও, গানাৰ সুবোধ ঘোষ, চিপাহী জোনধালে ৰুছিকেশ ৰামচন্দ্ৰৰ সৰ্বোচ্ছ বলিদানক ইটিভি ভাৰতৰ তৰফৰ পৰা ছেল্যুট ৷

লগতে চাওকঃবিজেপিৰ পৰা নিলম্বিত হ’ল বিতৰ্কিত নেত্ৰী দীপাঞ্জলী কাকতি

ABOUT THE AUTHOR

...view details