অসম

assam

ETV Bharat / state

COVID-19ত আক্ৰান্ত ধুবুৰীৰ তৃতীয় গৰাকী ব্যক্তিৰ ট্ৰেভেল হিষ্ট্ৰী... - COVID-19ত আক্ৰান্ত ধুবুৰীৰ তৃতীয় গৰাকী ব্যক্তিৰ ট্ৰেভেল হিষ্ট্ৰী

শেহতীয়াকৈ ধুবুৰীত ধৰা পৰা COVID-19ত আক্ৰান্ত লোকগৰাকীৰ ট্ৰেভেল হিষ্ট্ৰী লাভ কৰিছে ধুবুৰী জিলা প্ৰসাশনে ।

travel history of the 3rd corona positive patient from dhubri
travel history of the 3rd corona positive patient from dhubri

By

Published : Apr 13, 2020, 7:42 PM IST

ধুবুৰী, 13 এপ্ৰিলঃবিহুৰ প্ৰাকক্ষণত অহা দুঃখবৰে আতংকিত কৰি তুলিছে সমগ্ৰ ধুবুৰীবাসীক । COVID-19ত আক্ৰান্ত ধুবুৰীৰ তৃতীয় গৰাকী ব্যক্তি । শেহতীয়াকৈ ধুবুৰীত ধৰা পৰা COVID-19ত আক্ৰান্ত লোকগৰাকীৰ ট্ৰেভেল হিষ্ট্ৰী ইতিমধ্যে জিলা প্ৰশাসনে লাভ কৰিছে । COVID-19ত আক্ৰান্ত ধুবুৰীৰ ব্যক্তিগৰাকী গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ১৭ মাৰ্চত দিল্লীলৈ গৈছিল । ইতিমধ্যে জিলা প্ৰশাসনে ছীল কৰিছে, লোকগৰাকী থকা ধুবুৰীৰ ঝগৰাপাৰ অঞ্চল ।

COVID-19ত আক্ৰান্ত ধুবুৰীৰ তৃতীয় গৰাকী ব্যক্তিৰ ট্ৰেভেল হিষ্ট্ৰী...

উল্লেখ্য যে, ধুবুৰীৰ ৩৫ বছৰীয়া এই লোকজনে দিল্লীৰ গান্ধী নগৰৰ আৰ.কে ট্ৰেডাৰ্চৰ গেষ্ট হাউছত ১৭ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ থাকি, গান্ধী মাৰ্কেটত বজাৰ কৰিছিল । গেষ্ট হাউছত ব্যক্তি গৰাকীৰ সৈতে আছিল গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আন তিনিজনকৈ লোক । তাৰ পৰৱৰ্তী সময়ত ২১ মাৰ্চত বিমানযোগে পুনৰ গুৱাহাটীত উপস্থিত হৈ এখন বাছেৰে ধুবুৰীলৈ উভতি আহে লোকগৰাকী । গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতে তেওঁক চৈধ্য দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হয় । যোৱা ৭ এপ্ৰিলত ব্যক্তি গৰাকীয়ে শাৰীৰিক অসুস্থতা অনুভৱ কৰাত, ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে । তাৰ পিচতেই চিকিৎসকে লোকজনক চিকিৎসালয়ৰ আইচ'লেশ্যন ৱাৰ্ডত ৰাখি, যোৱা ৯ মাৰ্চত COVID-19 পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি, বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । তেওঁৰ তেজৰ নমুনাত COVID-19 পজিটিভ পোৱা বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, লোকজনৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ সৈতে সম্বন্ধ আছে বুলি উল্লেখ কৰা হৈছে যদিও, জিলা প্ৰশাসনৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি ব্যক্তি গৰাকী ব্যৱসায়িক সূত্ৰেহে দিল্লীলৈ গৈছিল । বৰ্তমান ব্যক্তিগৰাকীৰ পত্নী আৰু পুত্ৰকো কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়কঃ9000 COVID-19 ৰ পজিটিভ কেচ ভাৰতত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details