অসম

assam

ETV Bharat / state

বিতৰ্কিত বন বিষয়া বিশ্বজিৎ ৰায়ক শাস্তিমূলক বদলি - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শাস্তিমূলক বদলি কৰা হ'ল বিতৰ্কিত বন বিষয়া বিশ্বজিৎ ৰায়ৰ ৷ বিশ্বজিৎ ৰায়ৰ ঠাইত ডঃ পি ভি ত্ৰিম্বাকক নিযুক্তিৰ নিৰ্দেশ দিছে ৰাজ্যৰ বন বিভাগে ৷

Transfer of forest officer Biswajit Rai
বিতৰ্কিত বন বিষয়া বিশ্বজিৎ ৰায়ক শাস্তিমূলক বদলি

By

Published : Jul 17, 2020, 10:51 PM IST

ধুবুৰী, 17 জুলাই :সাংবাদিক ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি যোৱাৰ সময়তে শাস্তিমূলক বদলি কৰা হ'ল বিতৰ্কিত বন বিষয়া বিশ্বজিৎ ৰায়ৰ ৷ উল্লেখ্য যে, ৰায়ৰ পূৰ্বে শাস্তিমূলক বদলি কৰা হৈছে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজক ৷

বিতৰ্কিত বন বিষয়া বিশ্বজিৎ ৰায়ক শাস্তিমূলক বদলি

অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি পৰিবেশন কৰাৰ বাবেই বিশ্বজিৎ ৰায়ৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকগৰাকীক ৷ সেয়েহে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ পিছত এইবাৰ শাস্তিমূলক বদলিকৰণ কৰা হয় বিতৰ্কিত বন বিষয়াগৰাকীক ।

বিতৰ্কিত বন বিষয়া বিশ্বজিৎ ৰায়ক শাস্তিমূলক বদলি
বিতৰ্কিত বন বিষয়া বিশ্বজিৎ ৰায়ক শাস্তিমূলক বদলি

বিতৰ্কিত আৰু দূৰ্নীতিগ্ৰস্ত বন বিষয়া বিশ্বজিৎ ৰায়ৰ ঠাইত ডঃ পি ভি ত্ৰিম্বাকক নিযুক্তিৰ নিৰ্দেশ দিছে ৰাজ্যৰ বন বিভাগে । উল্লেখ্য যে, সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই সৰৱ হৈ পৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । আনহাতে, ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ খবৰ পাই শোকতে প্ৰাণ হেৰুৱাইছিল তেওঁৰ ৰোগীয়া পিতৃয়ে ৷

বিতৰ্কিত বন বিষয়া বিশ্বজিৎ ৰায়ক শাস্তিমূলক বদলি

লগতে পঢ়ক :ৰাজ্যৰ প্ৰলয়ংকৰী বানৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details