পূৱ বিলাসীপাৰা,২২ জানুৱাৰীঃৰাজ্যত অব্যাহত আছে ভূ-মাফিয়াৰ তাণ্ডৱ । চৰকাৰী ৰাজহ ফাঁকিৰে একাংশ অসাধু ব্যৱসায়ীয়ে নদ-নদী খনন কৰি চলাই আছে মাটিৰ ৰমৰমীয়া বেহা। এই অভিযোগ ৰাইজৰ ৷ পূৱ বিলাসীপাৰাৰ চাপৰত এনে ভূ-মাফিয়াৰ বিৰুদ্ধে এইবাৰ সৰৱ হোৱা দেখা গ’ল বন বিভাগক। বহলপুৰ আঞ্চলিক বন বিষয়া নাৰায়ণ ঠাকুৰীয়াই এক অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় তিনিখনকৈ মাটি কঢ়িওৱা ট্ৰেক্টৰ ।
চাপৰত অবৈধভাৱে মাটি কঢ়িওৱা ৩ খন ট্ৰেক্টৰ জব্দ - বন বিভাগ
পূৱ বিলাসীপাৰাৰ চাপৰত ভূ-মাফিয়াৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল বন বিভাগক। বহলপুৰ আঞ্চলিক বন বিষয়া নাৰায়ণ ঠাকুৰীয়াই এক অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় তিনিখনকৈ মাটি কঢ়িওৱা ট্ৰেক্টৰ । জব্দকৃত ট্ৰেক্টৰ সমূহে এতিয়া বনবিভাগক বিধিমতে ৰাজহ আদায় দিব লাগিব বুলি বনবিষয়া নাৰায়ণ ঠাকুৰীয়াই জানিবলৈ দিয়ে ।
ট্ৰেক্টৰ জব্দ
চাপৰ অঞ্চলৰ ভূ-খণ্ডৰ ওপৰত একপ্ৰকাৰে তাণ্ডৱ চলোৱা কোনো ধৰণৰ নথিপত্ৰ বিহীন এইসমূহ ট্ৰেক্টৰ জব্দ কৰাত স্বাভাৱিকতে সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নাইবা গ্ৰামাঞ্চলৰ পথেৰে দৈনন্দিন অবৈধভাৱে মাটি সৰবৰাহ কৰা এইসমূহ ট্ৰেক্টৰৰ বিৰুদ্ধে কঠোৰ হ’বলৈ বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷ জব্দকৃত ট্ৰেক্টৰ সমূহে এতিয়া বনবিভাগক বিধিমতে ৰাজহ আদায় দিব লাগিব বুলি বনবিষয়া নাৰায়ণ ঠাকুৰীয়াই জানিবলৈ দিয়ে ।