ধুবুৰী, 4 জুনঃদেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে ধুবুৰী জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ এতিয়ালৈকে জিলা খনত মুঠ 212 জনকৈ লোক আক্ৰান্ত হৈছে COVID-19ত ৷ উল্লেখ্য যে, আক্ৰান্ত সকলৰ ভিতৰত সম্প্ৰতি আৰোগ্য লাভ কৰিছে 5 জন লোকে ৷ বৰ্তমান জিলাখনত চিকিৎসাধীন অৱস্থাত আছে মুঠ ২০৭ জনকৈ ৰোগী ৷
ধুবুৰী জিলাত ২১২ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা - ধুবুৰীত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা
ধুবুৰীত দ্ৰুতগতিত বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ জিলা খনত ২১২ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা ৷
বিগত দিনৰ সকলো অভিলেখ ভংগ কৰি কেৱল বুধবাৰে নিশা 11 বজালৈ জিলা খনত ১৫৫ গৰাকীকৈ লোক আক্ৰান্ত হৈছে COVID-19ত ৷ নিশা প্ৰায় 11 বজাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত উল্লেখ কৰাৰ পিচতেই, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৫৯ গৰাকীকৈ ৰোগীক এম্বুলেঞ্চৰে স্থানীয় বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৷ এটা দিনতে ডেৰ শতাধিক লোক আক্ৰান্ত হোৱাৰ পিচতে সম্প্ৰতি জিলা খনত আতংকৰ সৃষ্টি হৈছে যদিও এতিয়ালৈ সামাজিক জীৱনলৈ সংক্ৰমিত হোৱা নাই এই মাৰাত্মক বীজাণু ৷
লগতে পঢ়কঃঅসমত 195 গৰাকী লোক কৰ'ণাত আক্ৰান্ত, 76 গৰাকী আৰোগ্য