অসম

assam

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Jun 15, 2022, 9:04 AM IST

Published : Jun 15, 2022, 9:04 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
Top 10 at 9 pm

প্ৰৱল বৰষুণৰ সম্ভাৱনা: বুধবাৰে গুৱাহাটীত স্কুল-কলেজ বন্ধ ৰখাৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

বুধবাৰেও কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত কাইলৈ সকলো বিদ্যালয়, মহাবিদ্যালয় (চৰকাৰী আৰু ব্যক্তিগত) বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

বিজেপি চৰকাৰক "ডাবল-চোৰেৰ চৰকাৰ" আখ্যা অভিষেক বেনাৰ্জীৰ

বিজেপিক তুলাধুনা তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ (Abhishek Banerjee in Agartala)৷ বিজেপিক ডুব যোৱা জাহাজ আখ্যা দিয়ে বেনাৰ্জীয়ে ৷ লগতে কয় যে, ডুব যোৱা জাহাজে কেপ্তেইন সলনি কৰি লাভ নাই (BJP is sinking ship) ৷

Landslide in Guwahati: ২৫ বছৰত মহানগৰীৰ ভূমিস্খলনত ১৬৫ জনৰ মৃত্যু

১৯৯৩ চনৰপৰা ২০১৮ চনলৈ ২৫ বছৰত গুৱাহাটীত ভূমিস্খলনৰ ফলত ১৬৫ জন লোকৰ প্ৰাণহানি হৈছে । 2018ৰ পৰা 2022লৈ এই সংখ্য়া বৃদ্ধি হৈছে ৷ মঙলবাৰেও গুৱাহাটীত ভূমিস্খলনৰ ফলত চাৰিজন লোকৰ মৃত্যু হয় (Four people died in landslide in Guwahati) ।

ৰাম-সীতাক লৈ ফেচবুকত বিতৰ্কিত পোষ্ট দি আটক বিজেপি নেতা

ফেচবুকত বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ ৰোষত পৰিল বিজেপি নেতা (BJP leader detained)। দৰং জিলা বজৰং দলৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিলে বিজেপিৰ কৰ্মীক ৷ আটকাধীন বিজেপি কৰ্মীজন দলগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য ৰেকিবুৰ ৰহমান ৷

অধিক অৱনতি ঘটিব পাৰে গুৱাহাটীৰ পৰিস্থিতি: তিনিদিনলৈ নকমে বৰষুণ

অহা তিনিদিনলৈ গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ বুধবাৰৰ পুৱাৰ পৰা বৃহস্পতিবাৰলৈ ৭-২০ ছেন্টিমিটাৰ আৰু বৃহস্পতিবাৰৰ পুৱাৰ পৰা শুক্ৰবাৰলৈ ৭-১১ ছেন্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ক্ৰাইম ব্ৰাঞ্চৰ নামত ধন দাবী কৰা প্ৰৱঞ্চক চি আই ডিৰ জালত

গুৱাহাটীৰ বেলতলাৰ পৰা গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ উপেন্দ্ৰ পাণ্ডেক । নিজকে ক্ৰাইম ব্ৰাঞ্চৰ পৰিদৰ্শক বুলি চিনাকি দি চি আই ডিৰ বিভিন্ন গোচৰৰ সন্দেহযুক্ত বা অভিযুক্তৰ পৰা ধন দাবী কৰি আহিছিল উপেন্দ্ৰই ।

চৰকাৰে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ চেষ্টা কৰি আছে যদিও সফল হ’ব পৰা নাই : কুইন ওজা

পূৰ্বতকৈ এইবাৰ বৰষুণ বেছি হৈছে (Heavy rainfall in assam) ৷ যাৰ বাবে মাত্ৰাধিক জুৰুলা হৈছে মহানগৰবাসী ৷ বিজেপিৰ এক সভাত অংশ লৈ ডিফুত গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত এই মন্তব্য কৰে সাংসদ কুইন ওজাই (MP Queen Oja comments on Guwahati artificial floods)৷

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি: বিলাসী বাহনৰ বিপৰীতে হাতীৰ পিঠিত দৰা

ব্যতিক্ৰমী ৰূপত কইনা ঘৰত উপস্থিত হ'ল দৰা । বিলাসী বাহনৰ পৰিৱৰ্তে হাতীৰ পিঠিত উঠি কইনা ঘৰত উপস্থিত হ'ল দৰাসহ বৰযাত্ৰীৰ দল । সততে নেদেখা এনে এক বিবাহৰ দৃশ্য দেখা গ'ল নগাঁৱৰ জাজৰিত (Bridegroom on elephant back in Nagaon)।

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী-নিমাতী ফেৰীসেৱা

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী-নিমাতী ফেৰীসেৱা (Majuli Nimati ferry service)৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ফেৰীসেৱা বন্ধৰ ঘোষণা কৰে ৷

লামডিঙত বাহনৰ খুন্দাত ৰেল সুৰক্ষা বাহিনীৰ জোৱান নিহত

লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Lumding)। থিতাতে নিহত এগৰাকী RPF ৰ জোৱান (RPF jawan died in road accident) । লামডিং ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটোে । নম্বৰ প্লেটবিহীন টাটা ACE বাহনৰ খুন্দাত নিহত ৰেল সুৰক্ষা বাহিনীৰ জোৱানজন । নিহত জোৱান জনৰ নাম ভূপেন্দ্ৰ যাদৱ বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি নিহত যাদৱৰ ঘৰ উত্তৰ প্ৰদেশত । ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনসহ চালকক আটক কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details