Price rise in Assam: দাম কমোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই চৰকাৰ
শেহতীয়াকৈ পেট্ৰ’ল-ডিজেলৰ লগতে প্ৰায়সমূহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছে (Himanta Biswa Sarma comments on price rise)৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত কয় যে, সামগ্ৰীৰ দামৰ ক্ষেত্ৰত চৰকাৰ এতিয়াও সিদ্ধান্তত উপনীত হ’ব পৰা নাই ৷ এই বিষয়ত কেন্দ্ৰীয় চৰকাৰেহে সিদ্ধান্ত ল’ব ৷ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত সহযোগিতাহে আগবঢ়াব ৷
AASU protest against Price hike : বয়-বস্তুৰ চৰা দামৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ ৰাজ্য
বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ(AASU protest against Price hike) ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে উত্তম লখিমপুৰ, যোৰহাট, শিৱসাগৰ, জোনাই, গোলাঘাট আৰু হোজাইৰ কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ আছুৰ কৰ্মকৰ্তাসকলে ৷ বহুঠাইত চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে আছুৰ কৰ্মকৰ্তাসকলে ৷ বিপৰীতে কাকীত যোগানমন্ত্ৰীৰ পুত্তলিকা দাহেৰে(Effigy burn of Supply minister Ranjeet Kumar Dass) প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে ৷
ধেমাজিত সন্দেহযুক্ত নাগৰিক আটক
ধেমাজিত এজন সন্দেহযুক্ত নাগৰিক আটক (Suspected person in Dhemaji) ৷ আৰক্ষীৰ সোধ পোচত কোনো তথ্য ভালদৰে দিব পৰা নাই লোকজনে ৷
Death of Encounter victim: আলফা(স্বা)ৰে সম্পৰ্ক নাছিল এনকাউণ্টাৰত নিহত সুৰজ গগৈৰ
অসম আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱা শিৱসাগৰৰ সুৰজ গগৈৰ বুধবাৰে মৃত্যু হোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা(স্বা)য়ে (ULFA(I) reacts on death of Suraj Gogoi) ৷ আলফা(স্বা)ৰ লগত সম্পৰ্ক থকাৰ সন্দেহত আটক কৰাৰ পিছত এনকাউণ্টাৰ কৰা সুৰজ গগৈ সংগঠনটোৰ সৈতে জড়িত নাছিল বুলি এক বিবৃতিৰ জৰিয়তে স্পষ্ট কৰিছে আলফা(স্বা)য়ে ৷
ছয় বছৰত ৰাজ্যত সংঘটিত হৈছে ৬,১৯২ টা হত্যাকাণ্ড
ৰাজ্যখনত দৈনিক গড়ে তিনিটাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । তথ্য মতে হত্যাকাণ্ডৰ উপৰি বিগত 6 বছৰত ৰাজ্যত চুৰিৰ ৬৩,১১১ টা, ডকাইতিৰ ১০৪৮ টা, ধর্ষণৰ ৯,৬৩৮ টা, অপহৰণৰ ৩৪,২৮৩ টা, বেংক লুটৰ ৭ টা, অন্ধবিশ্বাসৰ ফলত হোৱা হত্যা ২৯ টা আৰু লুণ্ঠনৰ ৫,৪৪০ টা ঘটনা পোহৰলৈ আহিছে (Many murders have taken place in Assam) ।