অসম

assam

ETV Bharat / state

গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাত 144 ধাৰা বলবৎ প্ৰশাসনৰ - দণ্ডবিধি আইন

ধুবুৰী জিলাত দেওবাৰৰ পৰা 144 ধাৰা জাৰি কৰিছে ৷ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ৷ সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ এই আইন বাহাল থাকিব জিলাখনত ৷

TODAY AGAIN 12 NEW CORONA POSITIVE CASES FOUND IN DUBURI DISTRICT, TOTAL NUMBER OF CASES RISES TO 1159
গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাত 144 ধাৰা বলবৎ প্ৰশাসনৰ

By

Published : Aug 2, 2020, 9:14 PM IST

ধুবুৰী, 2 আগষ্ট : ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্য়া ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসন সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে ধুবুৰী জিলাতো কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷

শেহতীয়াকৈ জিলাখনত আক্ৰান্ত লোকৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে 144 ধাৰা বলবৎ কৰিছে ৷ ধুবুৰী জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী দণ্ডবিধি আইনৰ 144 ধাৰাৰ অধীনত দেওবাৰে এক নিৰ্দেশনা জাৰি কৰিছে ৷ উক্ত নিৰ্দেশনা মৰ্মে দেওবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সন্ধিয়া 6 বজাৰ পৰা পিচদিনা পুৱা 6 বজালৈ সমগ্ৰ ধুবুৰী জিলা বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ কেৱল প্ৰশাসন, স্বাস্থ্য বিভাগ, বা অত্যাবশ্যকীয় সামগ্ৰীৰ লগত জড়িত লোক সকলক এই ধাৰাৰ বাহিৰত ৰখা হৈছে ৷

উল্লেখ্য যে, দেওবাৰৰ দিনটোত ধুবুৰী জিলাত 12 গৰাকী লোকৰ দেহত ক'ভিড-19 পজিটিভ পোৱা গৈছে ৷ জিলাখনত সৰ্বমুঠ আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 1159 গৰাকী ৷ আনহাতে, বৰ্তমানলৈ জিলাখনত 774 গৰাকী লোক ক'ভিড মুক্ত হোৱাৰ লগতে 385 গৰাকী লোকৰ চিকিৎসা বৰ্তমানেও চলি থকা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷ একেদৰে জিলাখনত দেওবাৰে এগৰাকী 85 বছৰীয়া ক'ভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য আহি পৰিছে ৷

ইফালে, জিলাখনত দেওবাৰৰ দিনটোতেই 114 গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰা হয় ৷ জিলাখনত সৰ্বমুঠ 5 টা কোৱাৰেন্টাইন কেন্দ্ৰত 106 গৰাকী লোক থকা বুলি প্ৰশাসনে প্ৰকাশ কৰিছে ৷ প্ৰথমৰ পৰা এইপৰ্যন্ত জিলাখনত 32,730 গৰাকী লোকক কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা মুকলি কৰি দিয়া হৈছে ৷ একেদৰে জিলাখনৰ বিভিন্ন প্ৰান্তত সৰ্বমুঠ 9275 গৰাকী লোকক হোম কোৱাৰেন্টাইনত ৰখা হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : COVID-19 সংক্ৰমণৰ শীৰ্ষত শোণিতপুৰ জিলা

ABOUT THE AUTHOR

...view details