পূৱ বিলাসীপাৰা, 19 নৱেম্বৰ:চাপৰ আৰক্ষীৰ অভিযানত ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা দুখনকৈ মালবাহী ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ ধপাত জব্দ ৷ এক গোপন সূত্ৰৰ পম খেদি পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এএচ 17চি 2647 আৰু এএচ 17বি 8974 নম্বৰৰ দুখনকৈ মালবাহী ট্ৰাকৰ পৰা ধপাতখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷
চাপৰ আৰক্ষীৰ অভিযানত ধপাত ভৰ্তি ট্ৰাক জব্দ
চাপৰ আৰক্ষীৰ তালাচীত দুখন ধপাত ভৰ্তি ট্ৰাক জব্দ ৷ পশ্চিমবংগৰ পৰা অসমলৈ গোপনে ধপাত সৰহবৰাহ হোৱাৰ অভিযোগ ৷ জব্দকৃত ধপাতখিনিৰ মূল্য প্ৰায় চল্লিশ লাখ ৷
অভিযোগ অনুসৰি পশ্চিমবংগৰ পৰা অসমলৈ গোপনে ধপাত সৰহবৰাহ হয় ৷ জানিব পৰা মতে ট্ৰাক দুখন পশ্চিমবংগৰ দিনহাটাৰ পৰা ধুবুৰীৰ চাপৰ হৈ উজনি অসমলৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে জব্দ কৰে । ঘটনা সংক্ৰান্তত চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ট্ৰাক দুখন চাপৰ আৰক্ষী থানালৈ লৈ অনাৰ লগতে ট্ৰাক দুখনৰ চালক আৰু হেণ্ডিমেনক চাপৰ আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ জব্দকৃত ধপাত খিনিৰ বজাৰ মূল্য আনুমানিক চল্লিছ লাখ টকাৰ অধিক হ'ব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:সম্পূৰ্ণ অনাময়ৰ উদ্দেশ্য়েৰে বিশ্ব শৌচালয় দিৱস পালন