অসম

assam

By

Published : Mar 29, 2019, 9:49 PM IST

ETV Bharat / state

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ মনোনয়ন পত্ৰ দাখিল

শুকুৰবাৰে ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ আজমলৰ দহ বছৰীয়া জৰাফুকা ৰাজনীতিৰ পৰা পৰিত্ৰান আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যু লৈ ৰাইজৰ মাজলৈ আহিছে বুলি মন্তব্য কৰে তেওঁ ৷ ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত চৌধুৰীয়ে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলক কটাক্ষ কৰে ৷

NURUL ISLAM CHAUDHURY

ধুবুৰী, 29 মাৰ্চ: শুকুৰবাৰে ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে তৃণমূল কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীয়ে ৷ ইয়াৰ পূৰ্বে প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সমৱেত সমৰ্থকসকলৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ স্থানীয় নেতৃত্বসহ এক চমু ভাষণো প্ৰদান কৰে চৌধুৰীয়ে । আজমলৰ দহ বছৰীয়া জৰাফুকা ৰাজনীতিৰ পৰা পৰিত্ৰাণআৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যু লৈ ৰাইজৰ মাজলৈ আহিছে বুলি মন্তব্য কৰে তেওঁ ৷

NURUL ISLAM CHAUDHURY

মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত চৌধুৰীয়ে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলক কটাক্ষ কৰে ৷ তেওঁ মন্তব্য কৰে যে, বিগত দিনত নিৰ্বাচিত সাংসদসকলে ধুবুৰী সমষ্টিৰ বাবে কোনো কাম কৰা নাই ৷ সেয়েহে তেওঁ নিৰ্বাচিত হ'লে সমষ্টিটোৰ গৰাখহনীয়া, বানপানী, বাট - পথৰ দূৰৱস্থা আদিকে ধৰি বিভিন্ন সামাজিক বিষয়বোৰ সৱল ভাৱে সংসদত দাঙি ধৰিব বুলি জনায় ৷ তেখেতে আজমলক সমালোচনা কৰি কয় যে, তেওঁ জৰা - ফুকাৰ ৰাজনীতি শেষ কৰা উচিত ৷

ABOUT THE AUTHOR

...view details