ধুবুৰী,১৭ জুন:বিটিএডিস্থিত পৰ্বতঝৰা মহকুমাৰ অন্তৰ্গত মোৱামাৰী চকৰপানীত বাঘৰ আতংক । এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে বিগত কেইদিনমানৰ পৰা সন্ত্ৰাস চলাই আহিছে সমগ্ৰ অঞ্চলটোত। পথাৰত বান্ধি ৰখা ঘৰচীয়া গৰু ছাগলীকে ধৰি অন্যান্য জীৱ জন্তুক ভক্ষণৰ বাবে সুযোগ বুজি বাঘে টানি লৈ গৈছে জংঘললৈ। গাঁওবাসীৰ একাংশই এই ঘটনা প্ৰত্যক্ষ কৰি হৈ পৰিছে অধিক আতংকিত । ফলত ভয় আশংকা এৰি হাতে হাতে দা-লাঠি লৈ বাঘ খেদিবলৈ ৰাইজে চলাইছে অভিযান। অভিযানৰ মাজতে স্থানীয় লোকে জংঘলত প্ৰত্যক্ষ কৰিলে বাঘে ভক্ষণ কৰা এটা মৃত গৰু।
পৰ্বতঝৰাত বাঘৰ আতংকঃ বাঘে ভক্ষণ কৰিছে ঘৰচীয়া জীৱ জন্তু - local people
বিটিএডিৰ পৰ্বতঝৰাত বাঘৰ আতংক। পথাৰৰ পৰা এটাৰ পিছত আনটো গৰু নি ভক্ষণ কৰিছে বাঘে। বাঘৰ আতংকত এতিয়া সমগ্ৰ গাওঁবাসী।
বিটিএডিৰ পৰ্বতঝৰাত বাঘৰ আতংক
ইতিমধ্যে গাঁওবাসীয়ে এই সংক্ৰান্ত বন বিভাগক অৱগত কৰিছে যদিও এই পৰ্যন্ত বিভাগৰ ফালৰ পৰা বাঘটো পিঞ্জৰাবদ্ধ কৰি বনাঞ্চলত মুকলি অথবা সেই অঞ্চলৰ পৰা খেদাৰ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ কৰিলে স্থানীয় ৰাইজে।
লগতে চাওকঃ গালৱান সংঘৰ্ষক লৈ প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন ৰাহুল গান্ধীৰ