অসম

assam

ETV Bharat / state

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত ধুবুৰী ! - ধুবুৰী আৰক্ষী

সন্মুখত গণৰাজ্য দিৱস । নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি অধিক গুৰুত্ব দি ধুবুৰী আৰক্ষীয়ে পেট্ৰলিং কৰি থকাৰ সময়তে বৃহস্পতিবাৰে নিশা সংঘটিত হ'ল অঘটন । আৰক্ষীৰ ভয়ত পুখুৰীত জঁপিয়াই প্ৰাণ গ'ল এজনৰ । ঘটনাক লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধুবুৰীত ।

thursday night hungama at dhuburi
বৃহস্পতিবাৰৰ নিশা ধুবুৰীত উত্তপ্ত পৰিস্থিতি

By

Published : Jan 24, 2020, 10:03 AM IST

ধুবুৰী , 24 জানুৱাৰী :আগন্তক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ধুবুৰী আৰক্ষীয়ে নিয়মীয়া তালাচি অব্যাহত ৰখাৰ সময়তে সংঘটিত হয় অনাকাংশিত ঘটনা ৷ বৃহস্পতিবাৰে নিশা গোপন খবৰৰ ভিত্তিত ধুবুৰী ৰে'লৱে ষ্টেচনৰ কাষত নিচাজাতীয় ঔষধ বিক্ৰী হৈ থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে । লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত ছয় সাত জনীয়া এটা দল পলাই যাবলৈ সক্ষম হয় যদিও দলৰ মাজৰে এজন যুৱকে ৰে'ল ষ্টেচনৰ কাষৰ এটা পুখুৰীত জাঁপ দিয়ে ।

বৃহস্পতিবাৰৰ নিশা ধুবুৰীত উত্তপ্ত পৰিস্থিতি

প্ৰায় এঘণ্টাৰ অন্তত আৰক্ষীয়ে পুখুৰীটোত নাৱেৰে অভিযান চালাই যুৱকজনক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও যুৱকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত যুৱক জনক ইন্দিৰা গান্ধী পথৰ 14 নম্বৰ ৱাৰ্ডৰ মোনা হুচেইন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ঘটনাক কেন্দ্ৰ কৰি একাংশ লোকে চহৰখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও আৰক্ষীয়ে উত্তেজিত লোক সকলক ছত্ৰভংগ দিয়াবলৈ সক্ষম হয় ৷

আৰু পঢ়ক : প্ৰতিবাদত নামিল ধুবুৰী প্ৰশাসনিক কৰ্মচাৰী সন্থা

ABOUT THE AUTHOR

...view details