অসম

assam

By

Published : Nov 30, 2019, 10:51 AM IST

ETV Bharat / state

এন আৰ চিৰ নামত ধন সংগ্ৰহ কৰি আটত তিনিজন

ধুবুৰীত এন আৰ চিত নাম অন্তর্ভূক্তিৰ আশ্বাসেৰে, একাংশ লোকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে এটা চক্ৰৰ বিৰুদ্ধে ৷

আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা
ধৃত তিনিজন অভিযুক্ত


ধুবুৰী, 30 নৱেম্বৰ:সম্প্ৰতি বাৰুকৈয়ে চিন্তিত হৈ পৰিছে এন আৰ চিত নাম অন্তৰ্ভূক্ত নোহোৱা লোক সকল ৷ তেনে সময়তে ধুবুৰীত এন আৰ চিত নাম অন্তর্ভূক্তিৰ আশ্বাসেৰে, একাংশ লোকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে এটা চক্ৰৰ বিৰুদ্ধে ৷

ধুবুৰী পৌৰসভাৰ 3নং ৱাৰ্ডৰ বিৱেকানন্দ পথৰ প্ৰায়এশটা পৰিয়ালৰ পৰা এচাম অচিনাক্ত ব্যক্তিয়ে এন আৰ চিত নাম অন্তর্ভূক্তিৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰিছে ধন ৷ উল্লেখিত ৱাৰ্ডৰ কেইগৰাকীমান ব্যক্তিয়ে ঘটনা সম্পৰ্কে, ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

এন আৰ চিত ভূৱা নথিৰে নামভৰ্তিৰ আশ্বাস, আটক তিনি অভিযুক্ত

এজাহাৰৰ ভিত্তিত ইতিমধ্যে ছফিউল হক, জহিৰুল ইছলাম আৰু জয়ন্ত ঘোষ নামৰ তিনিগৰাকী ব্যক্তিক আটক কৰি জেৰা অব্যাহত ৰাখিছে যদিও, ঘটনা সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য সদৰী কৰা নাই আৰক্ষীয়ে ৷

আটকাধীন তিনিওজন অভিযুক্তৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: পঁচা চাউলেৰে চলিছে গোৱালপাৰাৰ সংহত শিশু উন্নয়ন বিকাশ কেন্দ্ৰ

ABOUT THE AUTHOR

...view details