অসম

assam

ETV Bharat / state

চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিও বচাব নোৱাৰিলে সন্তানক - প্ৰাথমিক চিকিৎসা

চিকিৎসা অবিহনেই মৃত্যুক সাৱটি ল'লে এটি শিশুৱে ৷ পিতৃ-মাতৃয়ে চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিও দিব নোৱাৰিলে উপযুক্ত চিকিৎসা ৷ চিকিৎসকৰ বিৰুদ্ধে চিকিৎসা নকৰাৰ অভিযোগ ৷

three month old baby died due to lake of medical treatment
three month old baby died due to lake of medical treatment

By

Published : May 4, 2020, 12:02 PM IST

Updated : May 4, 2020, 1:45 PM IST

দক্ষিণ বিলাসীপাৰা, 4 মে' :এটি তিনিমহীয়া শিশুৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ধুবুৰী জিলাৰ চাপৰৰ সত্যপুৰ অঞ্চল ৷ সত্যপুৰ পালপাৰাৰ স্বপন নমঃদাস আৰু মহেশ্বৰী নমঃদাস নামৰ স্বামী-স্ত্ৰীহালৰ একমাত্ৰ কন্যা শিশুটিয়ে অস্বাভাৱিকভাৱে মৃত্যুক সাৱটিব লগীয়া হৈছে ৷ শিশুটিৰ মৃত্যুৰ বাবে পৰিয়াল তথা স্থানীয় লোকে একাংশ চিকিৎসক আৰু চিকিৎসালয়ক জগৰীয়া কৰিছে ৷

চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিও বচাব নোৱাৰিলে সন্তানক

জানিব পৰা মতে, পেটৰ অসুখত ভোগা শিশুটিক প্ৰথমে চাপৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত শিশুটিক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে ৷ নমঃদাস দম্পতীয়ে শিশুটিক লৈ বঙাইগাঁৱৰ নাৰ্চিং হোম সমূহৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিলে যদিও কোনো এখন চিকিৎসালয়তে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল তেওঁলোকক ৷

অৱশেষত শিশুটিক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিশুটি মৃত ঘোষণা কৰে ৷ চিকিৎসা অবিহনেই শিশুটিয়ে মৃত্যুক সাৱটিব লগা হোৱা ঘটনাত মৰ্মাহত হৈছে পৰিয়ালৰ লগতে অঞ্চলটোৰ লোক ৷

লগতে পঢ়ক :লকডাউন : অসমলৈ উভতিছে অৰুণাচলত আৱদ্ধ বহু ব্যক্তি

Last Updated : May 4, 2020, 1:45 PM IST

ABOUT THE AUTHOR

...view details