গোলকগঞ্জ, 19 মে': কৰ’ণা মাহামাৰীয়ে ৰাজ্যত ক্ৰমাৎ ভয়ানক ৰূপ লোৱাৰ সময়তে গোলকগঞ্জৰ আগমনিত উপদ্ৰপ বাঢ়িছে চোৰৰ ৷ লোকৰ ঘৰৰ গেছ চিলিণ্ডাৰ চুৰি কৰি নিদ্ৰা হৰণ কৰা তিনি চোৰক বুধবাৰে বিয়লি হাতে লোটে ধৰা পেলালে আগমনি আৰক্ষীয়ে ৷ বুধাবাৰে বিয়লি আগমনি আৰক্ষীৰ অপাৰেচনত ধৰা পৰিল তিনি চিলিণ্ডাৰ চোৰ ক্ৰমে শিবু সেন, তমছেৰ আলী আৰু আশ্ৰাফুল আলী ৷
আগমনিত চিলিণ্ডাৰসহ আটক তিনি চোৰ
গোলকগঞ্জৰ আগমনিত তিনি চিলিণ্ডাৰ চোৰ আটক ৷ আটকাধীন তিনি চোৰৰ পৰা চুলা সহ জব্দ দহটা চিলিণ্ডাৰ ৷
আগমনিত চিলিণ্ডাৰসহ আটক তিনি চোৰ
মন কৰিবলগীয়া যে, দীৰ্ঘ দিন ধৰি উক্ত চোৰ কেইজনে আগমনিৰ বিভিন্ন অঞ্চলৰ পৰা গেছ চিলিণ্ডাৰ চুৰি কৰি গৃহস্থৰ নিদ্ৰা হৰন কৰি আহিছিল ৷ বুধবাৰে বিয়লি চুৰি কৰা চিলিণ্ডাৰ এখন ই-ৰিক্সাৰে লৈ গৈ থকাৰ সময়তে আগমনি আৰক্ষীয়ে আটক কৰে তিনি চোৰক ৷ আটকাধীন তিনি চোৰৰ পৰা আগমনি আৰক্ষীয়ে চুলা সহ জব্দ কৰে দহটা চিলিণ্ডাৰ ৷