অসম

assam

By

Published : Dec 1, 2019, 11:30 AM IST

Updated : Dec 1, 2019, 12:18 PM IST

ETV Bharat / state

এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহকাৰীক গ্ৰেপ্তাৰ

লোকপিয়ল আৰু এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰী জিলাত ৷ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷

লোকপিয়ল আৰু এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহ
ভূক্তভোগী ৰাইজ

ধুবুৰী, 1 ডিচেম্বৰঃ লোকপিয়ল আৰু এন আৰ চিৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত ধুবুৰী জিলাত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷ দেশৰ সপ্তম অৰ্থনৈতিক লোকপিয়লৰ জৰীপৰ বাবে কেন্দ্ৰীয় চৰকাৰে চি এছ চি নামৰ ই-গভাৰ্নেন্স কোম্পানী এটাক দায়িত্ব প্ৰদান কৰিছিল ৷ ইয়াৰ পাচতে কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ ২০১৯ চনৰ অৰ্থনৈতিক লোকপিয়ল জৰীপৰ কাম আৰম্ভ কৰিছিল ৷

ভূক্তভোগী ৰাইজ
লোকপিয়ল আৰু এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহ
এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহ

অভিযোগ অনুসৰি, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত লোকপিয়লৰ প্ৰতিটো ৰচিদ দিয়াৰ বাবদ বিশ টকাৰ পৰা এশ টকা সংগ্ৰহ কৰা হৈছে ৷ ইপিনে এন আৰ চিত নাম অন্তৰ্ভূক্ত নোহোৱা লোকসকলৰ দুৰ্বলতাৰ সুযোগ লৈ চি এছ চিৰ একাংশ কৰ্মচাৰীয়ে এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰি দিয়া হ'ব বুলি এহেজাৰৰ পৰা পাঁচ হেজাৰ-দহ হেজাৰ টকালৈকে সংগ্ৰহ কৰিছে ।

ধুবুৰী জিলাত এন আৰ চিৰ নামত অবৈধ ধন সংগ্ৰহ

এনে এক অভিযোগৰ ভিত্তিতে ধুবুৰী চহৰৰ তিনি নম্বৰ ৱাৰ্ডৰ একাংশ ভূক্তভোগী লোকে ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২০৮৯/১৯ নম্বৰত গোচৰ পঞ্জীয়ন কৰি চি এছ চিৰ ধুবুৰী জিলা প্ৰৱন্ধক ছফিউল হকৰ লগতে জয়ন্ত ঘোষ আৰু জহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ পাচত তিনিওকে ধুবুৰী আদালতত হাজিৰ কৰোৱাৰ লগতে জেল হাজোতলৈ প্ৰেৰণ কৰা হয় । ইপিনে এই ঘটনাৰ ক্ষেত্ৰ পৰ্য্যায়ত তদন্ত আৰম্ভ কৰিছে ধুবুৰী সদৰ আৰক্ষীয়ে । সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ।

আৰু পঢ়ক : টিংখাঙত 9 বছৰীয়া শিশুক অপৰহণ

Last Updated : Dec 1, 2019, 12:18 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details