অসম

assam

ETV Bharat / state

সাম্প্ৰদায়িক শক্তি আৰু ধৰ্মনিৰপেক্ষতাৰ মাজত প্ৰতিদ্বন্দিতা হ'ব এইবাৰ নিৰ্বাচনত - কংগ্ৰেছ

কংগ্ৰেছৰ নিৰ্বাচনী সভাত মোডী সমালোচনাত মুখৰ হৈ পৰিল কংগ্ৰেছ নেতা ৷ যেন কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা নহয় প্ৰধানমন্ত্ৰীৰ সমালোচনা সভাহে ৷

ধুবুৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা

By

Published : Apr 20, 2019, 11:05 PM IST

ধুবুৰী, 20 এপ্ৰিল : সাম্প্ৰদায়িক শক্তি আৰু ধৰ্মনিৰপেক্ষতাৰ ওপৰত বিশ্বাসী দুই দলৰ মাজত প্ৰতিদ্বন্দিতা হ'ব এইবাৰ নিৰ্বাচনত ৷ বিজেপিয়ে হিন্দু-মুছলমান, অসমীয়া-বঙালীৰ মাজত সমগ্ৰ দেশকে বিভাজন কৰিছে ৷ যদিহে এই বিভাজনৰ ৰাজনীতিক ধ্বংস কৰিব লাগে তেন্তে কংগ্ৰেছক ভোটদান কৰি দেশক ৰক্ষা কৰক ৷ শনিবাৰে ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপৰীৰ হৈ প্ৰচাৰ চলায় এনেদৰে মন্তব্য কৰে সাংসদ তথা শিলচৰৰ প্ৰাৰ্থী সুস্মিতা দেৱে ৷ লগতে বিজেপিয়ে অনা নাগৰিকত্ব সংশোধনী বিলক উত্তৰ-পূৰ্বাঞ্চলত বিভাজন অনাৰ বিল বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

ধুবুৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা

আনহাতে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাতে প্ৰধানমন্ত্ৰীৰ মোডীৰ সমালোচনাত মুখৰ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ মিছা কথা কৈ ভোট লৈছে প্ৰধানমন্ত্ৰী মোডীয়ে, ফাঁকিৰেহে চলিছে তেওঁ, এইবাৰ তেওঁ নিজকে চকীদাৰ বুলি কৈ অপমান কৰিছে দেশৰ ৰাইজক ৷

ABOUT THE AUTHOR

...view details