অসম

assam

By

Published : Apr 5, 2021, 2:09 PM IST

ETV Bharat / state

বিলাসীপাৰাৰ ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়া

কাইলৈ ৰাজ্যৰ 12 খন জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ বিলাসীপাৰাতো অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷ ইতিমধ্যে সমষ্টিটোৰ ভোটকেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে প’লিং-প্ৰিজাইডিং বিষয়াসকল ৷

বিলাসীপাৰাৰ ভোটকেন্দ্ৰলৈ ৰাওনা পোলিং,প্ৰিজাইডিং বিষয়া
বিলাসীপাৰাৰ ভোটকেন্দ্ৰলৈ ৰাওনা পোলিং,প্ৰিজাইডিং বিষয়া

বিলাসীপাৰা,5 এপ্ৰিল: ৰাজ্যত কাইলৈ অনুষ্ঠিত হ'ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ এই নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে প্ৰশাসন ৷ ইতিমধ্যে ভোটকেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে প’লিং, প্ৰিজাইডিং বিষয়াসকল ৷ বিলাসীপাৰা জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ প’লিং, প্ৰিজাইডিং বিষয়াসকলে ভোট প্ৰদানৰ বাবে ইভিএমৰ লগতে বিভিন্ন সামগ্ৰী লৈ কৰ্তব্যস্থলীলৈ ৰাওনা হৈছে ।

ইফালে, বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ দুটাকৈ বিধানসভা সমষ্টি ক্ৰমে বিলাসীপাৰা পূৱ আৰু বিলাসীপাৰা পশ্চিম সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ মুঠ ৫৪৬ টা ভোটকেন্দ্ৰৰ বিষয়াসকল কৰ্তব্যস্থলীলৈ ৰাওনা হৈছে ।

অন্য এক খবৰৰ বাবে: কৰিমগঞ্জত পথ দুৰ্ঘটনা:নিহত এজন

ABOUT THE AUTHOR

...view details