ধুবুৰী,১৮ জুলাই:চোৰৰ উপদ্ৰৱে টোপনি হৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ (Theft cases increase in Assam) । বিশেষকৈ নগৰ-চহৰসমূহত অধিকমাত্ৰাত সংঘটিত হৈছে চুৰিকাণ্ড । এইবাৰ ধুবুৰী চহৰৰ মাজমজিয়াত চোৰৰ চাফাই অভিযান (Thief looted a shop in Dhubri city) । হিন্দুস্থান ছেনিটাৰী নামৰ দোকানখনত চোৰে চলালে চাফাই অভিযান ।
দোকান খনৰ টিং পাত কাটি নিশা চোৰে লুটি নিলে বিভিন্ন সা-সামগ্ৰীসহ নগদ ধন । দোকানখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে প্ৰায় ২০ হাজাৰ টকাৰ সামগ্ৰীৰ লগতে দোকানৰ কেচ বক্সৰ পৰা লুটি নিয়ে নগদ ১০ হাজাৰ টকা । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । লক্ষণীয় বিষয় যে ধুবুৰী সদৰ আৰক্ষী থানাৰ কিছু নিলগতেই এই চুৰিকাণ্ড সংঘটিত হৈছে । ইয়াকে লৈ সমগ্ৰ অঞ্চলত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।