অসম

assam

By

Published : Jun 17, 2023, 12:49 PM IST

ETV Bharat / state

Thief arrested in Dhubri : ধুবুৰীত চোৰৰ ঘৰৰ পৰা উদ্ধাৰ হ’ল গুলী, ড্ৰাগছকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী

ধুবুৰীত চোৰৰ ঘৰত চলালে ৰাইজে অভিযান । ৰাইজৰ অভিযানত পোহৰলৈ আহিল ভয়ংকৰ ঘটনা । চোৰৰ ঘৰৰ পৰা উদ্ধাৰ হ’ল দুটাকৈ পিষ্টলসহ 12 জাই 7.2 MM ৰ সজীৱ গুলি । লগতে উদ্ধাৰ হ’ল চোকা অস্ত্ৰ, নকল সোণ, ড্ৰাগছ আদি বিভিন্ন আপত্তিজনক সামগ্ৰী ।

thief arrested in Dhubri
ধুবুৰীত চোৰ গ্ৰেপ্তাৰ

ধুবুৰীত চোৰ গ্ৰেপ্তাৰ

ধুবুৰী, 17 জুন : ধুবুৰীত চাঞ্চল্যকৰ ঘটনা ৷ চোৰৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰিলে উত্তেজিত ৰাইজে । লগতে উদ্ধাৰ কৰিছে সজীৱ গুলি, নকল সোণ, চোকা অস্ত্ৰ আদিকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী ।

ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি, ধুবুৰী চহৰৰ 3 নং বালুৰ চৰ অঞ্চলৰ গোপাল মণ্ডল নামৰ এজন লোকে দীর্ঘদিন ধৰি চুৰিকাণ্ডৰ সৈতে জড়িত বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ ঘৰ-দোকান-মন্দিৰৰ টকা-সামগ্ৰী, ই-ৰিক্সাৰ বেটাৰী চাৰ্জাৰ আদিকে ধৰি বহু বস্তু চুৰি কৰা বুলি স্থানীয় ৰাইজে অভিযোগ তোলে গোপাল মণ্ডলৰ বিৰুদ্ধে । ৰাইজে গোপন তথ্যৰ ভিত্তিত শুকুৰবাৰে হাতে লোটে ধৰিবলৈ সক্ষম হয় অভিযুক্তটোক ।

গোপাল মণ্ডলক আটক কৰি উত্তম মাধ্যম সোধাই ৰাইজে গতাই দিয়ে ধুবুৰী আৰক্ষীক । ইপিনে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । উত্তেজিত ৰাইজৰ জিম্মাৰ পৰা গভাইত চোৰ গোপাল মণ্ডলক আৰক্ষীয়ে লৈ যোৱাৰ পিছতেই উত্তেজিত ৰাইজে অভিযুক্ত গোপাল মণ্ডলৰ ঘৰত আক্ৰমণ চলায় । এফালৰ পৰা গোপালৰ ঘৰ লণ্ড ভণ্ড কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

লক্ষণীয় বিষয় যে, ৰাইজে চোৰৰ ঘৰ লণ্ড ভণ্ড কৰাৰ সময়ত উত্তেজিত ৰাইজে দুটাকৈ পিষ্টল, 12 জাঁই সজীৱ গুলি, চোকা অস্ত্ৰ, নিষিদ্ধ ড্ৰাগছ, নকল সোণৰ টুকুৰা আদিৰ লগতে বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । ৰাইজে উদ্ধাৰ কৰা আপত্তিজনক সামগ্ৰীবোৰ আৰক্ষীয়ে জব্দ কৰে । ইয়াৰ পিচতে, গোপাল মণ্ডলৰ ভনীয়েকৰ ঘৰতো আৰক্ষীৰ দলে তালাচী অভিযান চলায়, যদিও কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ।

লক্ষণীয় বিষয় যে, গোপাল মণ্ডলৰ বিৰুদ্ধে পূৰ্বেও বিভিন্ন গোচৰ ৰুজু হৈছে আৰু গোপাল মণ্ডল গ্ৰেপ্তাৰ হৈ জেল খাটিছে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে । মাৰণাস্ত্ৰ আৰু সজীৱ গুলিকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱাৰ পিছত গোপাল মণ্ডলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব গুৰুত্বপূৰ্ণ বিষয় ।

লগতে পঢ়ক :prohibition on boat launches : নাওঁ লঞ্চৰ চলাচলত নিষেধাজ্ঞা, যাত্ৰীৰ মাজত হাহাকাৰ

ABOUT THE AUTHOR

...view details