পূৱ বিলাসীপাৰা,18 ফেব্ৰুৱাৰী: ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ প্ৰতিদিনে সংঘটিত হৈছে ইটোৰ পাচত সিটো চোৰ-ডকাইতিৰ ঘটনা ৷ বৃহস্পতিবাৰে সঞ্জীৱ মালাকাৰ নামৰ এজন সোণ-ৰূপৰ ব্যৱসায়ীৰ পৰা চিলনী চোৰে থপিয়াই নিলে প্ৰায় ডেৰ লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰ ৷
চাপৰত চিলনী চোৰৰ সন্ত্ৰাস - চিলনী চোৰ
সোন-ৰূপৰ ব্যৱসায়ীৰ পৰা পূৱ বিলাসীপাৰাৰ চাপৰত চিলনী চোৰে থপিয়াই নিলে প্ৰায় ডেৰ লক্ষাধিক টকাৰ সোন-ৰূপৰ আ-অলংকাৰ ৷
চাপৰ নগৰৰ মাজমজিয়াত চিলনী চোৰৰ সন্ত্ৰাস
প্ৰাপ্ত তথ্য অনুসৰি, পুৱা বাসভৱনৰ পৰা বাইকৰে নিজ কৰ্মস্থলী মা-মনসা জুৱেলাৰীলৈ গৈ থকাৰ সময়তে চাপৰ বজাৰৰ মাজমজিয়াত থকা ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত দুজন অচিনাক্ত ব্যক্তিয়ে তীব্ৰবেগী পাইলচাৰ বাইকেৰে আহি ব্যৱসায়ীজনৰ কান্ধত থকা বেগটো থপিয়াই লৈ যায়। যাৰ ফলত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰে ব্যৱসায়ীজন ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সঞ্জীৱ মালাকাৰক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক:চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান