অসম

assam

ETV Bharat / state

ধুবুৰীত দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস,কাঢ়ি নিলে 30 হাজাৰ টকা - দুৰ্বৃত্তই কাঢ়ি নিলে ত্ৰিশ হাজাৰ টকা

ধুবুৰীত ৰিক্সাৰে গৈ থকা অৱস্থাত ব্যস্ত ৰাজপথৰ পৰা মটৰ চাইকেলেৰে আহি দুৰ্বৃত্তই কাঢ়ি নিলে ত্ৰিশ হাজাৰ টকা ৷

ধুবুৰীত দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস
ধুবুৰীত দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস

By

Published : Feb 13, 2020, 7:19 PM IST

ধুবুৰী, 13 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে ধুবুৰীত দিনৰ পোহৰত সংঘটিত হয় চুৰিৰ ঘটনা ৷ অচিনাক্ত মটৰ চাইকেল আৰোহীয়ে লুটি নিলে ব্যক্তি এজনৰ নগদ ধন ৷ জৰুৱা বন্দিহানাৰ ভেলেঙামাৰী অঞ্চলৰ ৰহিজউদ্দিন নামৰ ব্যক্তি এজনে ধুবুৰীৰ এছবিআই বেংকৰ পৰা ত্ৰিশ হাজাৰ টকা উঠাই ৰিক্সাৰে গৈ থকা অৱস্থাতে ব্যস্ত পথৰ মাজতেই মটৰ চাইকেলেৰে অহা দুৰ্বৃত্তই ব্যক্তিগৰাকীৰ হাতত থকা বেগটো টানি লৈ পলায়ন কৰে ৷

ধুবুৰীত দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস

ইপিনে টকাৰ বেগ লৈ টনা আজোৰা কৰোতে ৰিক্সাৰ পৰা পৰি আহত হয় ভুক্তভোগী লোকজন ৷ সম্প্ৰতি আৰক্ষীয়ে লোকজনৰ চিকিৎসালৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । অৱশ্যে বৰ্তমান লৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details