বিলাসীপাৰা,১৮ এপ্ৰিল:ধুবুৰীৰ বিলাসীপাৰাত চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে । আৰক্ষীয়ে গিজগিজাই থকা ২ নং ৱাৰ্ডত দেওবাৰে পুৱতি নিশা চোৰে চলালে চাফাই অভিযান । ৱাৰ্ডটোৰ সূৰ্যখাতাস্থিত গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা আব্দুছ ছাত্তাৰৰ ঘৰত চোৰে চলালে লুটপাত ।
ৰঙালী বিহুৰ উচাহ উদ্দীপনাৰ মাজতে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে অভিযন্তা জনৰ ঘৰৰ দুৱাৰৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰে । ইয়াৰ পাছতে চোৰৰ দলটোৱে লোৰ আলমিৰা ভাঙি সোণ-ৰূপৰ আ-অলংকাৰ আদি লৈ পলায়ন কৰে।