বিলাসীপাৰা,5 ফেব্ৰুৱাৰীঃ মন্দিৰ, মছজিদৰ পিছত এইবাৰ চোৰৰ লক্ষ্য কৱৰস্থান ৷ মঙলবাৰে উত্তৰ বিলাসীপাৰাৰ আঞ্চলিক কৱৰস্থানত চোৰে চলালে ছাফাই অভিযান ৷ কৱৰস্থানৰ পৰা প্ৰায় ৩০ হাজাৰ টকা দান ভাণ্ডাৰৰ পৰা চুৰি কৰি নিয়াৰ সন্দেহ কৱৰস্থান পৰিচালনা সমিতিৰ ৷ আৰক্ষীৰ নৈশ টহলদাৰী চলি থকাৰ পিছতো এইদৰে ধৰ্মীয় স্থানত চুৰি কাৰ্য সংঘটিত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ বিলাসীপাৰাত ৷
বিলাসীপাৰাৰ কৱৰস্থানত চোৰে চলালে ছাফাই অভিযান - ধৰ্মীয় স্থানত চুৰি কাৰ্য্য
মঙলবাৰে নিশা চোৰে তাণ্ডৱ চলালে উত্তৰ বিলাসীপাৰা আঞ্চলিক কৱৰস্থানত ৷ কৱৰস্থানৰ দান ভাণ্ডাৰ ভাঙি চোৰে লুটি নিলে প্ৰায় 30 হাজাৰ টকা ৷
উত্তৰ বিলাসীপাৰা আঞ্চলিক কৱৰস্থানত চুৰিকাণ্ড