অসম

assam

ETV Bharat / state

চাপৰ আৰক্ষীৰ জালত পৰিল দুই গাড়ী চোৰ - বহলপুৰৰ নাথপাৰা

পূৱ বিলাসীপাৰাৰ বহলপুৰৰ নাথপাৰাত গাড়ী চোৰসহ এখন ১৪ চকীয়া ট্ৰাক জব্দ । চাপৰ আৰক্ষীৰ উপ-পৰিদৰ্শক বিপুল দাসৰ নেতৃত্বত আৰক্ষীৰ দলে আটক কৰে গাড়ী চোৰ দুটা । ধৃত চোৰ দুটা কামিল দিলছাদ আৰু খিলাফত আলী ।

বহলপুৰৰ নাথপাৰাত গাড়ী চোৰসহ এখন ১৪ চকীয়া ট্ৰাক জব্দ
বহলপুৰৰ নাথপাৰাত গাড়ী চোৰসহ এখন ১৪ চকীয়া ট্ৰাক জব্দ

By

Published : Jan 28, 2021, 8:10 PM IST

পূৱ বিলাসীপাৰা, ২৮ জানুৱাৰী: ৰাজ্যত পুনৰ সক্ৰিয় হৈছে গাড়ী চুৰি চক্ৰ । পূৱ বিলাসীপাৰাৰ বহলপুৰৰ নাথপাৰাত চাপৰ আৰক্ষীয়ে কৰায়ত্ত কৰিলে দুটা গাড়ী চোৰ । পশ্চিম বংগৰ ময়নাগুৰিৰ পৰা এখন ১৪ চকীয়া ট্ৰাক চুৰি কৰি গুৱাহাটীলৈ নি থকা অৱস্থাতে আৰক্ষীৰ জালত পৰে গাড়ী চোৰ দুটা । পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষীৰ উপ-পৰিদৰ্শক বিপুল দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰাইজৰ সহযোগত বহলপুৰৰ নাথপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ১৪ চকীয়া ট্ৰাকখন জব্দ কৰে ।

বহলপুৰৰ নাথপাৰাত গাড়ী চোৰসহ এখন ১৪ চকীয়া ট্ৰাক জব্দ

লগতে ট্ৰাকখনত চালক আৰু হেণ্ডিমেন হিচাপে অহা গাড়ী চোৰ দুটাকো আটক কৰে । ধৃত চোৰ হৈছে দুটা কামিল দিলছাদ আৰু খিলাফত আলী । জব্দকৃত ট্ৰাকখনৰ নম্বৰ HR-38Y-0466 । আনহাতে, বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱ মণি দাসে প্ৰকাশ কৰা মতে, এই ট্ৰাক চুৰি কাণ্ডৰে আৰু ৫ জন লোক জড়িত আছে আৰু এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

গাড়ী চুৰি চক্ৰটোৱে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা সক্রিয়ভাৱে গাড়ী চুৰিৰ কাম চলাই আছে বুলি আৰক্ষী বিষয়া জনে জানিবলৈ দিয়ে । ইতিমধ্যে এই ঘটনাৰে জড়িত মেঘালয়ৰ এজন লোকৰ ফোন নম্বৰো লাভ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে এই সন্দৰ্ভত মইনাগুৰি থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু মইনাগুৰি আৰক্ষী চাপৰ আৰক্ষী থানা অভিমুখে যাত্ৰা কৰিছে বুলিও জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক:দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত ৰংপুৰ মে-ডাম-মেফিৰ আয়োজন

ABOUT THE AUTHOR

...view details