পূৱ বিলাসীপাৰা,7 অক্টোবৰঃ পূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। এইবাৰ চোৰৰ টাৰ্গেট হৈছে ই-ৰিক্সা। চাপৰৰ বিভিন্ন স্থানৰ পৰা চুৰি হৈছিল চাৰিখনকৈ ই-ৰিক্সা।
ইপিনে এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া-নীলমণি নাথ আৰু সহ-পৰিদৰ্শক বিপুল দাসে এক অভিযান চলাই কোকৰাঝাৰ জিলাৰ ঢোলমাৰাৰ পৰা তিনিখন আৰু বঙাইগাঁও জিলাৰ বিলাসপুৰৰ পৰা এখন চুৰি ই-ৰিক্সা জব্দ কৰে ।