পূৱ বিলাসীপাৰা, 3 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে ক্ৰমাৎ ভয়াৱহভাৱে বৃদ্ধি পাইছে চুৰি, ডকাইতিকে আদি কৰি বিভিন্ন অপৰাধজনিত ঘটনা ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা লক-ডাউনৰৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰিছে একাংশ দুষ্ট লোকে ৷ ইয়াৰ মাজতে পূৱ বিলাসীপাৰাৰ চাপৰত এজন আৰক্ষী বিষয়াৰ ঘৰতে লুটপাত চলালে চোৰে ৷ চাপৰ আৰেয়াৰঝাৰত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷
প্ৰাপ্ত খবৰ অনুসৰি, ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে আৰক্ষী বিষয়া গৰাকীৰ ঘৰৰ সা-সম্পত্তি ৷ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত আৰেয়াৰঝাৰস্থিত আৰক্ষী বিষয়াৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে নগদ ধন সহ বহু সা-সামগ্ৰী ৷ জানিব পৰা মতে আৰেয়াৰঝাৰৰ বাসিন্দা তথা বৰ্তমান তামুলপুৰত কৰ্মৰত মহকুমা আৰক্ষী বিষয়া(SDPO)ৰূপজ্যোতি কলিতাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে অভিযান ৷