ধুবুৰী,30 এপ্ৰিলঃ 2012 চনৰ ত্ৰিশ এপ্ৰিলৰ বিয়লি 5বাজি 15 মিনিটত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল দেশ জোঁকাৰি যোৱা এক ভয়াৱহ যাত্ৰীবাহী লঞ্চ দুৰ্ঘটনা । প্ৰায় তিনি শতাধিক যাত্ৰীলৈ ধুবুৰীৰ পাৰঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত মেদৰটাৰী পাৰঘাট পোৱাৰ আগ মুহূৰ্তত হঠাৎ অহা প্ৰচণ্ড ধুমুহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱায় যাত্ৰীবাহী লঞ্চখনে । প্ৰায় তিনি শতাধিক যাত্ৰীসহ লঞ্চখন মুহুৰ্তৰ ভিতৰত খণ্ড বিখণ্ড হৈ পৰে লুইতৰ বুকুত । পিছত অধিকাংশ যাত্ৰীয়ে সাঁতুৰি কোনোমতে নিজৰ ৰক্ষা পেলাবলৈ সক্ষম হৈছিল যদিও বহু যাত্ৰী সন্ধানহীন হৈ পৰে । লগে লগে স্থানীয় ৰাইজৰ লগতে ধুবুৰী জিলা প্ৰশাসনৰ তৎপৰতাত এছ ডি আৰ এফ, এন ডি আৰ এফ, বি এছ এফ, চি আৰ পি এফ আদিৰ জোৱান সকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে । উদ্ধাৰ অভিযানত মুঠ 46গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে লুইতৰ বুকুত সন্ধানহীন হয় 18 জনকৈ যাত্ৰী ।
লঞ্চ দুৰ্ঘটনাৰ পিছদিনাই মেদৰটাৰী পাৰঘাটত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী সহ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু নেতা মন্ত্ৰী উপস্থিত হৈছিল । মেদৰটাৰী লৈ সোঁত বৈছিল বহু নেতা মন্ত্ৰীৰ। যিয়ে যিদৰে পায় সহায় কৰাৰ বিপৰীতে প্ৰতিশ্ৰুতি দি গৈছিল মেদৰটাৰী বাসীক। ৰাহুল গান্ধীৰ নিৰ্দেশ মৰ্মে তেতিয়াৰ তৰুণ গগৈ চৰকাৰে মেদৰটাৰী অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে দহ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰা হৈছিল । কিন্তু এই পৰ্যন্ত মেদৰটাৰীবাসীয়ে নাপালে উন্নয়নৰ নামত ঘোষণা কৰা সেই বিশেষ পেকেজ ।