অসম

assam

ETV Bharat / state

এগৰাকী বৃদ্ধ কৃষকৰ কৰুণ কাহিনী - ইৰি ধান

নিজৰ গাঁঠিৰ ধন ভাঙি বৃদ্ধ কৃষক গৰাকীয়ে কৰিছিল ইৰি ধানৰ খেতি ৷ কিন্তু গৌৰাং নৈৰ বাঢ়নী পানীৰ কবলত পৰিল কৃষকগৰাকীৰ ধাননি পথাৰ ৷ উপায়ন্তৰ হৈ ৯০ বছৰীয়া বৃদ্ধ কৃষক গৰাকীয়ে এবুকু পানীৰ তলৰ পৰা গোটাইছে ইৰি ধান ৷ আজিপৰ্যন্ত চৰকাৰৰ কোনোধৰণৰ আঁচনি লাভ নকৰা বৃদ্ধ কৃষকগৰাকীয়ে বছৰ বছৰ ধৰি অকলেই খেতি কৰি জীৱন-নিৰ্বাহ কৰি আছে ৷

The tragic story of an old farmer
এগৰাকী বৃদ্ধ কৃষকৰ কৰুণ কাহিনী

By

Published : Jun 15, 2020, 10:00 PM IST

পশ্চিম বিলাসীপাৰা,15জুনঃ বিলাসীপাৰাৰ এগৰাকী 90 বছৰীয়া বৃদ্ধ কৃষকৰ কৰুণ কাহিনী ৷ বিলাসীপাৰাৰ শ্ৰীগ্ৰামৰ পঞ্চম খণ্ড গাঁৱৰ বৃদ্ধ কৃষক গৰাকীৰ নাম ৰহিম বক্স ৷ নিজৰ গাঁঠিৰ ধন ভাঙি বৃদ্ধ কৃষক গৰাকীয়ে কৰিছিল ইৰি ধানৰ খেতি ৷ কিন্তু গৌৰাং নৈৰ বাঢ়নি পানীৰ কবলত পৰিল কৃষকগৰাকীৰ ধাননি পথাৰ ৷ উপায়ন্তৰ হৈ ৯০ বছৰীয়া বৃদ্ধ কৃষক গৰাকীয়ে এবুকু পানীৰ তলৰ পৰা গোটাইছে ইৰি ধান ৷

এগৰাকী বৃদ্ধ কৃষকৰ কৰুণ কাহিনী

আজিপৰ্যন্ত চৰকাৰৰ কোনোধৰণৰ আঁচনি লাভ নকৰা বৃদ্ধ কৃষকগৰাকীয়ে বছৰ বছৰ ধৰি অকলেই খেতি কৰি জীৱন-নিৰ্বাহ কৰি আছে ৷ ১১ জনকৈ পুত্ৰ আৰু ২ গৰাকী জীয়ৰী থকা সত্বেও বৃদ্ধগৰাকীৰ কাষত নাই কোনো পুত্ৰ-জীয়ৰী ৷ ই টিভি ভাৰতৰ সাংবাদিকৰ কেমেৰা দেখি অসহায় দৰিদ্ৰ বৃদ্ধগৰাকীৰ চকু সেমেকি উঠিল ৷ স্থানীয় লোকে সাংবাদিকৰ আগত বৃদ্ধ কৃষকগৰাকীক সহায়ৰ বাবে চৰকাৰলৈ আহ্বান জনায় ৷ লক্ষণীয় হ'ব,90 বছৰীয়া বৃদ্ধ কৃষকগৰাকীক সহায়ৰ ক্ষেত্ৰত চৰৰকাৰ তথা প্ৰশাসনে পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে ৷

লগতে পঢ়কঃ ব্য়ক্তিগত নাৰ্ছিং হোমৰ ক্ষেত্ৰত কি নিয়ম উঠাই ল'লে দিল্লী চৰকাৰে ?

ABOUT THE AUTHOR

...view details