ধুবুৰী, 3 ফেব্ৰুৱাৰী:ধুবুৰীৰ ফকিৰগঞ্জৰ এখন আদৰ্শ চিকিৎসালয় ৷ অসম চৰকাৰৰ কেইবা কোটি টকা ব্যয়েৰে স্থাপন কৰা ফকিৰগঞ্জৰ বিশখন বিছনাযুক্ত ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়খন স্থাপন কৰা হ'ল ঠিকেই । কিন্তু আজিও চিকিৎসা সেৱা লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে ৷ 2012 চনতে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰাৰ পাচতে 6 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হয় চিকিৎসালয়খন ৷ তাৰ পাচৰে পৰা আজিলৈকে পৰ্যাপ্ত চিকিৎসক,নাৰ্চ,টেকনিচিয়ানৰ অভাৱত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে চৰঅঞ্চলটোৰ ৰোগীসকলে ৷
নামত আদৰ্শ চিকিৎসালয়ঃ চিকিৎসা নাপায় ৰাইজে - ধুবুৰী
2012 চনতে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা ধুবুৰীৰ ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ৰ পৰা চিকিৎসা লাভ নকৰিলে অঞ্চলটোৰ লোক সকলে ৷ 6 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয়খন পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
ইপিনে,বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰোগী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈ আছে চিকিৎসাৰ অভাৱত। কাৰণ ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়খন থকাৰ পিছতো ধুবুৰী,গোৱালপাৰালৈ চিকিৎসাৰ বাবে যাবলগীয়া হয় ৰোগীসকল। অতি দুৰ্গম এলেকা ফকিৰগঞ্জৰ পৰা ধুবুৰী বা গোৱালপাৰালৈ ৰোগী অহা যোৱা কৰোতেই আদবাটতে মৃত্যু মুখত পৰিবলগীয়া ঘটনাও পূৰ্বতেও সংঘটিত হৈছে। সেয়েহে পুনৰ অনুৰূপ ঘটনা নঘটাৰ আশা প্ৰকাশ কৰি ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয় খন অতি সোনকালে আৰম্ভ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
লগতে পঢ়ক:নগাঁৱৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই