ধুবুৰী, 19 আগষ্ট: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো উদ্বেগজনক ভাবে বৃদ্ধি পাইছে কৰ’ণাক্ৰান্ত ৰোগীৰ সংখ্যা । বুধবাৰে ধুবুৰী জিলাখনত নতুনকৈ ৩০ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ স্বাস্থ্য বিভাগৰ এটি বিশেষ সূত্ৰয়ে জানিবলৈ দিয়ে এই কথা ৷ জিলাখনত এই পৰ্যন্ত ক'ভিড-19 ত আক্ৰান্ত হৈছে মুঠ 2164 গৰাকীকৈ লোক । অৱশ্যে ইয়াৰে 1721 গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে 443 গৰাকী ।
ইপিনে বুধবাৰে ধুবুৰী চহৰত 186 গৰাকী লোকক ৰেপিড এন্টিজেন টেষ্ট কৰা হয় । য’ত 6 গৰাকীকৈ লোকৰ দেহত ধৰা পৰে ক’ভিড ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰে ভিতৰত আছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু জ্যেষ্ঠ চিকিৎসক ডাঃ এম চি বৰ্মণ ৷ আনহাতে ধুবুৰী জিলাৰ অমিত ঘোষ নামৰ প্ৰথমজন সংবাদকৰ্মীও ৰেপিড এন্টিজেন টেষ্টত ক’ভিড পজিটিভ বুলি চিনাক্ত হয় ।