অসম

assam

ETV Bharat / state

২৯ জুনত টেট শিক্ষকৰ প্ৰতিবাদত কঁপিব দিছপুৰ - কাৰ্যনিৰ্বাহক সভা

দেওবাৰে ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰীৰ ২৩৬৫ নং শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এখন কাৰ্যনিৰ্বাহক সভা,সভাত  ২৯জুনত টেট শিক্ষকৰ হ'বলগীয়া প্ৰতিবাদৰ বাবে আলোচনা কৰা হয় ৷

২৯ জুনত টেট শিক্ষকৰ প্ৰতিবাদত কঁপিব দিছপুৰ

By

Published : Jun 23, 2019, 7:15 PM IST

ধুবুৰী,২৩জুন: ২৯জুনত টেট শিক্ষকৰ প্ৰতিবাদত কঁপিব দিছপুৰ জনতা ভৱন । ৰাজ্যৰ ৪১ হাজাৰ টেট শিক্ষক-শিক্ষয়িত্ৰীয়ে সাব্যস্ত কৰিব এই প্ৰতিবাদ । প্ৰতিবাদৰ বাবে সাজু শিক্ষক-শিক্ষয়িত্ৰীসকল । টেট শিক্ষক- শিক্ষয়িত্ৰীক নিয়মীয়াকৰণৰ দাবীত ৰাজ্যজুৰি টেট শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰ তথা বিভাগীয় মন্ত্ৰীয়ে গুৰুত্ব প্ৰদান নকৰাৰ বাবে ২৯ জুনত দিছপুৰ জনতা ভৱন ঘেৰাও কৰাৰ সিদ্ধান্ত লৈছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে । এই প্ৰতিবাদ কাৰ্যসূচীত অংশ ল'ব ধুবুৰীৰ টেট শিক্ষক-শিক্ষয়িত্ৰীসকলেও । এই প্ৰতিবাদৰ বাবে দেওবাৰে ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰীৰ ২৩৬৫ নং শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এখন কাৰ্যনিৰ্বাহক সভা ।

২৯ জুনত টেট শিক্ষকৰ প্ৰতিবাদত কঁপিব দিছপুৰ

ইফালে, প্ৰতিবাদ কৰি অনুশাসন ভংগ কৰিলে টেট শিক্ষক-শিক্ষয়িত্ৰীয়ে এক ভয়াৱহতাৰ সন্মুখীন হ'ব লাগিব বুলি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এক সকীয়ানি প্ৰদান কৰিছিল । ইয়াৰ পাছতেই সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ধুবুৰী জিলা সমিতিৰ সভাপতি মোছাৰফ হুছেইনে উভতি ধৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ভট্টাচাৰ্য্যক । বিভিন্ন সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে টেট শিক্ষক-শিক্ষয়িত্ৰীক নিয়মীয়াকৰণ কৰা হৈছে বুলি মন্তব্য কৰিছিল যদিও ইয়াক মিছা কথা বুলি উল্লেখ কৰে হুছেইনে । আনহাতে অসমত যি সময়ত হাজাৰ-হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে এটা চাকৰিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে,সেই সময়তে অসমত বহু শিক্ষানুষ্ঠানত বহিঃৰাজ্যৰ বহু যুৱকক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ জিলা সমিতিৰ সভাপতি হুছেইনে ।

ABOUT THE AUTHOR

...view details