ধুবুৰী, 24 জুনঃ ধুবুৰীত শিক্ষয়িত্ৰীক মাৰপিট কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । বিদ্যালয়ৰ পৰীক্ষা চলি থকাৰ সময়তে প্ৰধান শিক্ষয়িত্ৰীৰ কোঠালিত প্ৰৱেশ কৰি একাংশ উদণ্ড পুৰুষৰ দলে আক্ৰমণ কৰে এগৰাকী টেট শিক্ষয়িত্ৰীক । পৰীক্ষাত নকল ধৰাক কেন্দ্ৰ কৰিয়েই সংঘটিত হয় এই ঘটনা । ৰক্তাক্ত অৱস্থাত শিক্ষয়িত্ৰী গৰাকীক উদ্ধাৰ কৰিলে আৰক্ষীয়ে ।
নকল ধৰাৰ ভয়াৱহ পৰিমাণঃ টেট শিক্ষয়িত্ৰীক আক্ৰমণ - অসম নিউজ
বিগত 20 জুনত বিদ্যালয়খনত সপ্তম আৰু অষ্টম শ্ৰেণীৰ গোট পৰীক্ষা অনুষ্ঠিত হয় । উক্ত দিনা শিক্ষয়িত্ৰী গৰাকীয়ে একাংশ পৰীক্ষাৰ্থীক নকল কৰাত বাধা প্ৰদান কৰাৰ বিপৰীতে কিছু নকল জব্দ কৰে । ইয়াৰ পাচতেই সোমবাৰে একাংশ অভিভাৱক তথা স্থানীয় ৰাইজে বিদ্যালয় খনত প্ৰৱেশ কৰি শিক্ষয়িত্ৰী গৰাকীক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে ৷

উল্লেখযোগ্য যে, বিগত 20 জুনত বিদ্যালয় খনত সপ্তম আৰু অষ্টম শ্ৰেণীৰ গোট পৰীক্ষা অনুষ্ঠিত হয় । উক্ত দিনা শিক্ষয়িত্ৰী গৰাকীয়ে একাংশ পৰীক্ষাৰ্থীক নকল কৰাত বাধা প্ৰদান কৰাৰ বিপৰীতে কিছু নকল জব্দ কৰে । ইয়াৰ পাচতেই সোমবাৰে একাংশ অভিভাৱক তথা স্থানীয় ৰাইজে বিদ্যালয় খনত প্ৰৱেশ কৰি শিক্ষয়িত্ৰী গৰাকীক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে । ঘটনাৰ খবৰ পাই ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় শিক্ষয়িত্ৰী গৰাকীক । আনহাতে, ভুক্তভোগী শিক্ষয়িত্ৰী গৰাকীৰ ভাষ্য, নকল ধৰাক কেন্দ্ৰ কৰিয়েই বিদ্যালয় খনৰ নজৰুল ইছলাম নামৰ এগৰাকী শিক্ষকৰ প্ৰৰোচনাত স্থানীয় ৰাইজে মাৰপিট কৰে শিক্ষয়িত্ৰী গৰাকীক । লগতে বিদ্যালয়খনৰে শিক্ষক নজৰুল ইছলাম আৰু জাকিনুৰ ইছলামে বিভিন্ন সময়ত ৰাজনৈতিকভাৱে মানসিক নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন কৰে শিক্ষয়িত্ৰীগৰাকীয়ে ৷ ভুক্তভোগী শিক্ষয়িত্ৰী গৰাকীৰ স্বামী বি জে পি কৰ্মী হোৱাৰ বাবে শিক্ষক দুগৰাকীয়ে কংগ্ৰেছৰ পক্ষ লৈ বিদ্যালয়ত তৰ্ক বিতৰ্ক কৰি থকা বুলিও উল্লেখ কৰে শিক্ষয়িত্ৰী গৰাকীয়ে । ঘটনা সন্দৰ্ভত শিক্ষয়িত্ৰী গৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতেই ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ণ ভূঞাৰ নেতৃত্বত বি এন কলেজ নগৰ আৰক্ষীৰ দল এটাই অভিযান চলায় ইতিমধ্যে মূল অভিযুক্ত নজৰুল ইছলাম সহ পাঁচ জনক আটক কৰি জেৰা অব্যাহত ৰাখিছে । আনহাতে, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ জিলা সমিতিৰ সভাপতি মোছাৰফ হুছেইনে ঘটনা সন্দৰ্ভত তীব্ৰ গৰিহণা দিয়াৰ লগতে উচিত তদন্ত মৰ্মে দোষীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ দাবী জনাইছে ৷