ধুবুৰী,২৫ জুনঃ মঙলবাৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত হঠাৎ প্ৰতিবাদত বহিল শিক্ষকসহ একাংশ ৰাইজ। দৰাচলতে, ধুবুৰীৰ আদাবাদী এম ই স্কুলৰ এইগৰাকী টেট শিক্ষয়িত্ৰী তাজমিন বেগমক নকল জব্দ কৰি জ্বলাই দিয়াৰ অভিযোগত সোমবাৰে একাংশ ৰাইজে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে। তাৰ পিছতে আৰক্ষীয়ে খবৰ পাই শিক্ষয়িত্ৰী গৰাকীক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত শিক্ষয়িত্ৰী তাজমিন বেগমে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি এজন শিক্ষকসহ কেইবাজনো লোকক আটক কৰি জেৰা কৰাৰ অন্তত নজৰুল ইছলাম নামৰ উক্ত বিদ্যালয়ৰে এজন শিক্ষক আৰু নুৰ আলম নামৰ আন এজন যুৱকসহ দুজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে ধুবুৰী আৰক্ষীয়ে। ইপিনে আদালতে শিক্ষকসহ দুয়োকে প্ৰেৰণ কৰে জেল হাজোতলৈ। ইপিনে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বিদ্যালয়খনৰেই শিক্ষক নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিছত এয়া সম্পূৰ্ণ বিজেপি দলৰ ৰাজনৈতিক শক্তি প্ৰয়োগ কৰাৰ লগতে ৰাজনৈতিকভাৱে হস্তক্ষেপ কৰা হৈছে বুলি অভিযোগ কৰে ধুবুৰীৰ প্ৰাক্তন বিধায়ক তথা বিদ্যালয়খনৰ উপদেষ্টা জাহান উদ্দিনে । উল্লেখযোগ্য যে,জাহান উদ্দিনৰ নেতৃত্বত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মাৰ্জিনা বেগমসহ ছয়জনকৈ শিক্ষক শিক্ষয়িত্ৰীয়ে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
ধুবুৰীত শিক্ষয়িত্ৰী মাৰপিট গোচৰত গ্ৰেপ্তাৰ শিক্ষকসহ দুজন - DHUBRI
সহ শিক্ষকৰ লগতে আক্ৰমণত জড়িত আন দুজন যুৱকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায় ধুবুৰী আৰক্ষীয়ে ।
শিক্ষয়িত্ৰী মাৰপিট গোচৰত গ্ৰেপ্তাৰ শিক্ষক সহ দুজন
উল্লেখযোগ্য যে, যোৱা ২০ জুনত বিদ্যালয়খনৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষা চলি থকা সময়ত কৰ্তব্যৰত শিক্ষয়িত্ৰী তাজমিন বেগমে একাংশ ছাত্ৰ ছাত্ৰীৰ পৰা কিছু নকল জব্দ কৰি জ্বলাই দিছিল তাৰ পিছতেই ২৪ জুনত একাংশ উত্তেজিত উদণ্ড লোকে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি শাৰীৰিকভাৱে আক্ৰমণ কৰে শিক্ষয়িত্ৰী তাজমিন বেগমক।