অসম

assam

ETV Bharat / state

বিনামূলীয়া পশু খাদ্য বিতৰণক লৈ ধুবুৰীত উত্তপ্ত পৰিস্থিতি - ধুবুৰী জিলাৰ পামপাৰা গাঁও পঞ্চায়ত

ধুবুৰীৰ ফকিৰগঞ্জত উত্তপ্ত পৰিস্থিতি । পশু খাদ্য বিতৰণ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল ফকিৰগঞ্জ আৰক্ষী ৷ সোমবাৰে পশু খাদ্য বিতৰণক লৈ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ৷

tension create at Dhubri Fakirganj
পশু খাদ্য বিতৰণকলৈ ধুবুৰীত উত্তপ্ত পৰিস্থিতি

By

Published : Jul 13, 2020, 3:56 PM IST

ধুবুৰী,13 জুলাইঃ ধুবুৰী জিলাৰ পামপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ নামা শেৰশ্বো গাঁৱত চৰকাৰী সাহাৰ্যৰ পশু খাদ্য বিতৰণক লৈ বেমেজালিৰ অভিযোগ ৷ 6জুলাইত চৰকাৰী সাহাৰ্যৰ পশুধনৰ খাদ্য প্ৰথমতে হিতাধিকাৰীক ২ কেজি ৬০০ গ্ৰামকৈ বিতৰণ কৰিবলৈ যাওঁতে স্থানীয় ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল পঞ্চায়ত প্ৰতিনিধি সহ বিতৰণ কমিটি । এই ঘটনা সংক্ৰান্তত ফকিৰগঞ্জ আৰক্ষী থানাত পঞ্চায়ত প্ৰতিনিধিসহ তিনি গৰাকী লোকৰ বিৰুদ্ধে 128(B)/ 409 IPC ধাৰাত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী ৰাইজে । প্ৰাপ্ত অভিযোগ অনুসৰি চৰকাৰী ভাবে পশুধন প্ৰতি ৩.৬০০ কিল'গ্ৰামকৈ চাপৰ দিয়া হৈছিল যদিও হিতাধিকাৰীক দিয়া হৈছিল প্ৰথমে ২.৬০০ কিল'গ্ৰামকৈ।

বিনামূলীয়া পশু খাদ্য বিতৰণকলৈ ধুবুৰীত উত্তপ্ত পৰিস্থিতি

এনে সময়তে সোমবাৰে ৰহস্যজনক ভাৱে একাংশ পঞ্চায়ত সদস্যসহ আচামী আৰু আৰক্ষী প্ৰশাসন লগতে উক্ত গাঁৱৰে দুই তিনিজন লোকক লগত ৰাখি পুনৰ ২ কেজি ৮০০ গ্ৰামকৈ পশু খাদ্য বিতৰণ কৰিবলৈ আৰম্ভ কৰে । একাংশ ৰাইজে এই সন্দৰ্ভত কৰি থকা বেমেজালি সন্দৰ্ভত আৰক্ষীক প্ৰশ্ন সোধাত বিমোৰত পৰে আৰক্ষী। ইফালে ইয়াকে লৈ প্ৰতিবাদ মুখৰ হৈ পৰে স্থানীয় ৰাইজ। অৱশেষত ৰাইজে বিতৰণত বাধা দিয়াত স্থগিত ৰখা হয় পশু খাদ্য বিতৰণ কাৰ্যসূচী ।

উল্লেখযোগ্য যে,অভিযুক্ত সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে চাপৰ বিতৰণ কৰিবলৈ আৰক্ষী উপস্থিত হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । এই সংক্ৰান্তত এতিয়া ফকিৰগঞ্জৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত ৷

লগতে পঢ়কঃ চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক

ABOUT THE AUTHOR

...view details