অসম

assam

ETV Bharat / state

ক্ষমতাকেন্দ্ৰিক যুঁজে লগ এৰা নাই ধুবুৰীৰ ৰাজীৱ ভৱনক - MLA Wazed Ali Choudhury

পুনৰ উত্তপ্ত ধুবুৰীৰ ৰাজীৱ ভৱন । প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ সন্মূখীতেই কৰ্মীয়ে ধাৰণ কৰিলে ৰুদ্ৰমূৰ্তি । ভাৰত জোড়ো কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত এখন সভাৰ আৰম্ভণিতেই সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Dhubri Rajiv Bhawan)।

ক্ষমতাকেন্দ্ৰিক যুঁজে লগ এৰা নাই ধুবুৰীৰ ৰাজীৱ ভৱনক
ক্ষমতাকেন্দ্ৰিক যুঁজে লগ এৰা নাই ধুবুৰীৰ ৰাজীৱ ভৱনক

By

Published : Sep 26, 2022, 9:04 PM IST

ধুবুৰী, 26 ছেপ্টেম্বৰ: দেশজুৰি অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো কাৰ্যসূচী ৷ এনে সময়তে ধুবুৰীৰ ৰাজীৱ ভৱনত সঘনাই সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ জ্যেষ্ঠ নেতাৰ সন্মুখতে তৃণমূল কৰ্মীয়ে ধাৰণ কৰিলে ৰণচণ্ডী মূৰ্তি ৷

কিছুদিন পূৰ্বে এখন সংবাদমেলক কেন্দ্ৰ কৰি ধুবুৰীৰ ৰাজীৱ ভৱনত দুটা পক্ষৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । সোমবাৰেও অনুৰূপ ঘটনা ঘটনা সংঘটিত হ’ল ধুবুৰীৰ ৰাজীৱ ভৱনত (Rajiv Bhawan Dhubri)৷ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে গ্ৰহণ কৰা ভাৰত জোড়ো কাৰ্যসূচী অসমত আৰম্ভ হ’ব 1 নৱেম্বৰৰ পৰা (Bharat Jodo Yatra in Assam)৷ ধুবুৰীৰ পৰা শদিয়ালৈ গ্ৰহণ কৰা হ’ব এই কাৰ্যসূচী ৷ তাৰেই পৰিকল্পনা কৰিবলৈ সোমবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ সভাখন ৷

সভাখনত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা ৷ কিন্তু সভাৰ আৰম্ভণিতেই লাগিল কেনা । সন্মুখৰ আসনত বহি থকা একাংশ কংগ্ৰেছ কৰ্মী হঠাৎ উঠি গ’ল প্ৰদেশ কংগ্ৰেছৰ নেতাৰ সন্মুখলৈ । দাবী এটাই- অযোগ্য জিলা সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে ৷ লগে লগে সভাত উপস্থিত সকলো কংগ্ৰেছ কৰ্মীয়ে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ । একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতিৰো সৃষ্টি হ’ল ।

ক্ষমতাকেন্দ্ৰিক যুঁজে লগ এৰা নাই ধুবুৰীৰ ৰাজীৱ ভৱনক

দৰাচলতে দুদিন পূৰ্বে ধুবুৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি সামছুল ইছলামে দেশী জনগোষ্ঠীক দালাল আখ্যা দিয়াৰ অভিযোগ উত্থাপিত হৈছিল । এই অভিযোগৰ ভিত্তিত জিলা কংগ্ৰেছৰ একাংশ দেশী আৰু মিঞা জনগোষ্ঠীৰ কৰ্মীৰ মাজত উমিউমি জ্বলি আছিল জুই । এই ফিৰিঙতিৰেই যেন খাণ্ডৱ দাহ হ’ল সোমবাৰে । অৱশ্যে এই এই ৰণৰ কাৰণ হিচাবে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰামান্য বৰুৱাই কয় যে,পৰিয়ালটোত বহুত মানুহ থকাৰ বাবেহে এনেধৰণৰ হাই-কাজিয়া লাগিছে৷ বহুত ককাই-ভাই হ’লে খাম-খেয়ালি থাকেই ৷

আনহাতে একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত ভুল বুজাবুজি হোৱা বুলি স্বীকাৰ কৰিলে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে (MLA Wazed Ali Choudhury)৷ সেইসকল কৰ্মীৰ লগত আলোচনা কৰি সমস্যাটো সমাধান কৰিব বুলি জনালে বিধায়কগৰাকীয়ে ৷ ধুবুৰী জিলা কংগ্ৰেছত এতিয়া চলি থকা দেশী আৰু মিঞা জনগোষ্ঠীৰ মাজৰ দলীয় বিসম্বাদে আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছক বিপদত পেলোৱাটো একপ্ৰকাৰ নিঃশ্চিত বুলি চৰ্চা চলিছে সচেতন ৰাজনৈতিক মহলত । ভাৰত জোড়ো কাৰ্যসূচীৰ মাজতে অব্যাহত থকা কংগ্ৰেছৰ এই গৃহকন্দলে দলটোক কিদৰে সুৰক্ষিত কৰি ৰাখিব সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়ক:সাহিত্য সভাৰ কাৰ্যালয়ত ওলমিল তলা

ABOUT THE AUTHOR

...view details