অসম

assam

By

Published : Apr 6, 2021, 4:12 PM IST

ETV Bharat / state

উৰাবাতৰি : ধুবুৰীৰ গুটিপাৰা ভোটকেন্দ্ৰত উত্তেজনা, স্থগিত ভোটগ্ৰহণ !

ৰাজ্যজুৰি চলি থকা ভোটগ্ৰহণৰ মাজতে পশ্চিম বিলাসীপাৰাৰ গুটিপাৰা ভোট কেন্দ্ৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ভোট কেন্দ্ৰত যোগান ধৰা বিনামূলীয়া মাস্কক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ ।

tense-in-west-bilashipara
উৰাবাতৰি : ধুবুৰীৰ গুটিপাৰা ভোটকেন্দ্ৰত উত্তেজনা, স্থগিত ভোটগ্ৰহণ !

ধুবুৰী, 6 এপ্ৰিল : আজি ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ভোটগ্ৰহণৰ মাজতে পশ্চিম বিলাসীপাৰাৰ গুটিপাৰা ভোট কেন্দ্ৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ভোট কেন্দ্ৰত যোগান ধৰা বিনামূলীয়া মাস্কক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ ।

উৰাবাতৰি : ধুবুৰীৰ গুটিপাৰা ভোটকেন্দ্ৰত উত্তেজনা, স্থগিত ভোটগ্ৰহণ !

ভোট কেন্দ্ৰত যোগান ধৰা বিনামূলীয়া মাস্ককলৈ সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰিছিল দুষ্ট চক্ৰই । মাস্কৰ ভিতৰত থকা তামৰ তাঁৰৰ বাবে ভোট এটা চিহ্নত দিলে আন এটা চিহ্নত পৰে গৈ বুলি ভুল ধাৰণা একাংশ ভোটাৰৰ মাজত বিয়পাই দিয়ে কোনে দুষ্ট চক্ৰই । যাৰ পাছতে সাধাৰণ ভোটাৰৰ মাজত সৃষ্টি হয় উত্তেজনাৰ ৷

এই ঘটনাৰ সময়চোৱাত উত্তেজিত একাংশই শিলগুটি নিক্ষেপ কৰে কৰ্তব্যৰত সেনা-আৰক্ষীলৈ । পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা ধুবুৰীৰ আৰক্ষী অধীক্ষকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উত্তেজিত ৰাইজক উদ্দেশ্যি লাঠি চালনা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিছে ।

লগতে পঢ়ক: পত্নী-পুত্ৰক লগত লৈ ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details