পশ্চিম বিলাসীপাৰা,6 ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে তীৰ-জুৱা খেলৰ অবাধ ছিণ্ডিকেটৰাজ । এইবাৰ বিলাসীপাৰাত তীৰ-জুৱা খেলৰ অবাধ ছিণ্ডিকেটৰাজ চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
বিলাসীপাৰাত তীৰ-জুৱা খেলৰ অবাধ ছেণ্ডিকেটৰাজ মুকলিকৈ বিলাসীপাৰা মহকুমাৰ বিভিন্ন বজাৰৰ লগতে চহৰৰ বিভিন্ন প্ৰান্তত তীৰৰ ছিণ্ডিকেটৰাজ চলি থকাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে ৷ এই অবাধ ছিণ্ডিকেটৰাজৰ বিষয়ে আৰক্ষী প্ৰশাসনে দেখিও নেদেখাৰ ভাও জোৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
বিলাসীপাৰাত তীৰ-জুৱা খেলৰ অবাধ ছেণ্ডিকেটৰাজ উল্লেখ্য যে,ধুবুৰী আৰক্ষী বিষয়া আনন্দ মিশ্ৰই অবৈধ তীৰ জুৱাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সত্বেও জিলাখনৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন বজাৰ চহৰত তীৰৰ ছিণ্ডিকেটৰাজ চলিয়েই আছে ৷ বিশেষকৈ মহকুমাটোৰ টিলাপাৰা,সোনামুখী,হাতীপোতা,চিৰাকুটা আদি স্থানত সম্পূৰ্ণ মুকলিকৈ তীৰ মাফিয়াই অবৈধ তীৰ খেলৰ অবাধ ছিণ্ডিকেটৰাজ চলাৰ অভিযোগ উত্থাপন হৈছে ৷
ইয়াকে লৈ চিন্তিত হৈ পৰিছে এতিয়া অঞ্চলবাসী ৷ এইক্ষেত্ৰত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজেও ধুবুৰী আৰক্ষী অধীক্ষক গৰাকীক বিষয়টোক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে ।
লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ